শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কেন্দ্ৰই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY)ৰ অধীনত ৰেচন বিতৰণৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰই ঘোষণা কৰিছে যে অহা তিনিমাহ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে বিনামূলীয়া ৰেচন দিয়া হ’ব। মন কৰিবলগীয়া যে ২০২০ চনত কৰ’না মহামাৰীৰ সময়ৰ পৰা কেন্দ্ৰই সমগ্ৰ দেশতে বিনামূলীয়া ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰিছিল। এই যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিজনক ৫ কেজিকৈ খাদ্য শস্য আবণ্টন দিয়া হয়। ২৮ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বিনামূলীয়া ৰেচন বৃদ্ধিৰ কথা ঘোষণা কৰে। অনুৰাগে কয়— “প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সময়সীমা ২০২২ চনৰ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই প্ৰকল্পৰ বাবে অহা তিনিমাহত প্ৰায় ৪৪ হাজাৰ কোটি টকা ব্যয় হ’ব।” একেৰাহে ২ বছৰ ধৰি এই বিনামূলীয়া চাউল দি থকা হৈছে। অৱশ্যে কেন্দ্ৰই চলিত ছেপ্টেম্বৰ মাহলৈকেহে বিনামূলীয়া ৰেচন দিয়া হ’ব বুলি ঘোষণা কৰিছিল। এই ব্যৱস্থা চলোৱাৰ বাবে হোৱা বৃহৎ খৰচৰ কথা বিবেচনা কৰি ছেপ্টেম্বৰ মাহলৈকে বিনামূলীয়া খাদ্য যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰই। ইয়াৰ পৰিপ্ৰেক্ষিত তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগতা ৰায়ে ৰেচন বিতৰণ ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰে। তেওঁৰ অনুৰোধ কৰিছিল ৰেচনৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে। ইফালে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৰেচন বিতৰণ ব্যৱস্থা অব্যাহত ৰাখিবলৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিছিল বিজেপিয়েও। যিহেতু হিমাচল প্ৰদেশ আৰু গুজৰাটত বিধানসভাৰ নিৰ্বাচন আহি আছে। সেই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি নেতৃত্বক বাৰে বাৰে কোৱা হৈছিল যে এই পৰিকল্পনা এতিয়াই বন্ধ নকৰিব। ইয়াৰ সমান্তৰালকৈ তৃণমূলৰ সাংসদ সৌগতা ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা চিঠিখনেও কাম কৰিলে বুলি বিবেচিত হৈছে। ফলত ডিচেম্বৰ মাহলৈকে বিনামূলীয়া ৰেচনৰ সময়সীমা বৃদ্ধি পাইছে। সূত্ৰ অনুসৰি, কেন্দ্ৰই বিনামূলীয়া ৰেচনৰ সময়সীমা বৃদ্ধি কৰিলেও ইয়াৰ বাবে বিত্ত মন্ত্ৰণালয় ব্যাপক আৰ্থিক চাপৰ সন্মুখীন হ’বলৈ গৈ আছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু বিশ্ব মন্দাৱস্থাৰ পৰিৱেশত বিনামূলীয়া ৰেচন বৃদ্ধিৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰালয় অস্বস্তিত পৰিছে। মন্ত্ৰালয়ে জনোৱা মতে, যোৱা দুবছৰত এই আঁচনিৰ বাবে ২ লাখ ৬ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। পুনৰ কাৰ্যকাল বৃদ্ধি কৰিলে অতিৰিক্ত ৪৪ হাজাৰ কোটি টকা খৰচ হ’ব।