শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে খেলুৱৈ গৰাকী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এন আৰ এইচ এমৰ কৰ্মচাৰী।