শতাব্দ ষ্টাফ ৰিপটাৰ লখিপুৰ ২৯ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰতো লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ফেচিবাদী, অগণতান্ত্ৰিক নীতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক কৰ্মী লৈ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰাই কয়- ভ্ৰষ্টাচাৰী, হিটলাৰী এই অপশাসন নিপাত যাবলৈ বেছি দিন নাই। জিলা কংগ্ৰেছৰ উপ সভাপতি বাহাৰুল ইছলামে কয়- গণতন্ত্ৰৰ নীতিক বিজেপিয়ে মষিমূৰ কৰিব বিচৰা কায্য গৰিহণাযোগ্য । জ্যেষ্ঠ মুখপাত্ৰ প্ৰশান্ত গগৈয়ে কয়- অপশাসনৰ ইতি হবই । যিমানেই স্বেচ্চাচাৰী নহওক কিয় গণতন্ত্ৰত ৰাইজে ৰজা । প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গংগাজ্যোতি টায়েগাম, ৰাজ্যিক এচ বিভাগৰ উপ সভাপতি কিৰণ বনীয়া, সংখ্যালঘু বিভাগৰ সভাপতি মজিবুৰ ৰহমান, বুবুল দাস আদি কৰি দুই শতাধিক কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে।।