উত্তৰ লখিমপুৰঃ ১৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ২০০৩ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ সুদীপ্ত বৰুৱাই আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পুথিভঁৰালৰ বাবে কেইবাখনো পাঠ্যপুথি দান কৰে। বৰ্তমান শ্বেয়াৰ বিষেশজ্ঞ সুদীপ্ত বৰুৱাই দান কৰা গ্ৰন্থসমূহ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকা আৰু মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰান্থগাৰিক ৰুণজুন বৰুৱাই আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে। সেই উপলক্ষে আজি মহাবিদ্যালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষক-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক অধ্যাপক ছাজ্জাদ হুছেইন, ৰাজেন্দ্ৰ প্ৰসাদ বৰা, কুলদীপ নাৰায়ণ দত্ত, ভৈৰৱ খাকলাৰী আৰু সুৰজ দাস উপস্থিত থাকে। এই উপলক্ষে ভাষণ দি অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহাবিদ্যালয়খনলৈ পাঠ্যপুথি দানৰ ক্ষেত্ৰত সুদীপ্ত বৰুৱাৰ মহান প্ৰচেষ্টাক শলাগ লৈ তেখেতৰ সেৱাৰ বদান্যতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সেই অনুষ্ঠানত মহাবিদ্যালয়খনৰ একাউণ্টেণ্ট দীপক বৰবৰাই সুদীপ্ত বৰুৱাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ স্মাৰক ফলকেৰে সম্বৰ্দ্ধনা জনায়।