প্ৰাঞ্জল মৰাণৰ নৃশংস হত্যাৰ প্ৰতিবাদত উত্তাল মাকুম

0 0
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত মঙ্গলবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ মাকুম চহৰ৷ অভিযোগ অনুসৰি ধাৰলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবেই উক্ত দিনা প্ৰাঞ্জল মৰাণ (২৮) নামৰ যুৱকজনক ভগ্নীৰ সন্মুখতে ৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে মাৰপিট কৰি দীৰ্ঘ সময়ৰ বাবে এখন বালেন’ গাড়ীৰ ডিকিত ভৰাই থৈছিল৷ বন্ধ গাড়ীৰ ভিতৰত প্ৰায় ৪ ঘণ্টা আবদ্ধ হৈ থকাৰ পাছত মুমূৰ্ষু অৱস্থাত উলিয়াই অনাৰ সময়টো ভগ্নীৰ সন্মুখতে দলটোৱে মাৰধৰ কৰাত প্ৰাঞ্জলৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে৷ ঘটনা সন্দৰ্ভত প্ৰাঞ্জল মৰাণৰ পৰিয়ালে দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে ঘটনাত জড়িত থকা ৫ জন ব্যক্তিক ইতিমধ্যে আটক কৰিছে৷ আটকাধীন লোক কেইজন হ’ল ক্ৰমে নিতা তাঁতী, জিণ্টু তাঁতী,  সলিল চাওতাল, কৈলাশ পাণিকা আৰু নৰেন প্ৰজা৷ আন তিনিজন পলাতক অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰখাৰ মাজতে আজি প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৬ টাকৈ মৰাণ জনগোষ্ঠীয় সংগঠনে মাকুমত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি চৌদিশ কঁপাই তোলে৷ প্ৰতিবাদৰ ফলত ৩৭ নং আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা সকলো যানবাহন চলাচল বন্ধ হৈ পৰে ৷ প্ৰতিবাদী মৰাণ জনগোষ্ঠীয় কেউটা সংগঠনে মাকুম আৰক্ষীৰ নিষ্ক্ৰিয়তাক একমুখে গৰিহণা দি সকলো দুৰ্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ লগতে নিহত প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই ইয়াৰ অন্যথা পৰৱৰ্তী সময়ত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে৷
মন্তব্য দিয়ক

Your email address will not be published.