পৰম্পৰাগত খেল ধেমালিৰে উখল মাখল লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু

0 243

লখিমপুৰ, ২২ এপ্ৰিল: জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাৰে উদ্‌যাপন কৰা ৬৪ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী কুইজ প্ৰতিযোগিতাৰে আৰম্ভ হয়। সাহিত্য উপ সমিতিৰ প্ৰধান সম্পাদক পংকজ সভাপণ্ডিতে আঁত ধৰা অনুষ্ঠানত দুকুৰি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ হিচাপে অংশগ্ৰহণ কৰে সুকুমাৰ পায়েং আৰু সুৰজিৎ গগৈয়ে। উদযাপন সমিতিৰ ফালৰ পৰা বিহুৱান আৰু কিতাপৰ টোপোলাৰে কুইজ মাষ্টাৰ দুজনক সম্বৰ্ধনা জনোৱা হয়। তিনিটা দলে বিজয়ী সন্মান লাভ কৰে। অহা ২৪ এপ্ৰিলত বিহু সন্মিলনৰ সামৰণি অনুষ্ঠানত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব।দিনৰ১১ বজাৰ পৰা পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে লখিমপুৰৰ বিশিষ্ট ক্ৰীড়াবিদ লুৎফুৰ ৰহমানে। টেকেলী ভঙা, পিছল কল গছত বগোৱা, উঠ-বহ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাইজেও ব্যাপক উৎসাহেৰে পৰম্পৰাগত খেল ধেমালিত ভাগ লয়। দিনৰ ১১.৩০ বজাৰ পৰা ‘পিঠাপনা’ প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখন বিভিন্ন প্ৰান্তৰ মহিলাসকলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা মৰমী ফুকনে। সন্ধিয়া সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰ বিহুৱতী প্ৰতিযোগিতা উদ্বোধন কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড° স্বপ্নালী গগৈয়ে। কাইলৈ বিয়লি সৰু বিহুৱতী প্ৰতিযোগিতা আৰু সন্ধিয়া সদৌ অসম ভিত্তিত ‘হুঁচৰি বিহু’ প্ৰতিযোগিতা অনুষ্ঠিত হব।

মন্তব্য দিয়ক

Your email address will not be published.