পৰশুৰাম কুণ্ডলৈকে চলিব ৰে’ল

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২২ মে’ দেওবাৰে ঘোষণা কৰে যে, অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডক শীঘ্ৰেই ৰে’লপথৰ জৰিয়তে সংযোগ কৰা হ’ব। তেওঁ কয় যে, চৰকাৰে দেশৰ আন বহু ঠাইৰ দৰেই পৰশুৰাম কুণ্ডকো ৰে’লপথৰ জৰিয়তে দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিব । অমিত শ্বাহে পৰশুৰামৰ ৫১ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে কয়। শ্বাহে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে নামছাইৰ গোল্ডেন পেগোডাও পৰিদৰ্শন কৰে। উল্লেখ্য যে, লোহিত নদীৰ তলৰ অংশত আৰু তেজুৰ পৰা ২১ কিলোমিটাৰ উত্তৰে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ব্ৰহ্মপুত্ৰ মালভূমিত অৱস্থিত হিন্দু তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ নেপালৰ লগতে সমগ্ৰ ভাৰত তথা উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ পৰা তীৰ্থযাত্ৰীৰ আগমন ঘটে। প্ৰতি বছৰে জানুৱাৰী মাহত ৭০ হাজাৰৰো অধিক ভক্ত আৰু সাধুৱে ইয়াৰ পানীত পবিত্ৰ স্নান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.