পৰশ গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা : লখিমপুৰত আনন্দৰ লহৰ

0 0

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰৰ, ৬ মেঃ আমেৰিকাৰ কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্ত সমতা সাহিত্য অকাডেমিয়ে ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ’ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন সমতা বঁটাৰ বাবে লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰশ গোস্বামীক মনোনীত কৰিছে। অধ্যাপকগৰাকী ৰাষ্ট্ৰীয় বঁটৰ বাবে নিৰ্বাচিত হোৱাত বৃহত্তৰ অঞ্চলটোত আনন্দৰ জোৱাৰ দেখা পোৱা গৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানেৰে বিশ্বৰ প্ৰতিভাবান সমাজৰ সেৱা আগক্ষঢ়াই অহা সমতা সাহিত্য অকাডেমিয়ে উত্তৰ পূৰ্বাঞ্চলৰ যোগ্যতাক সন্মান জনাবলৈ বিশেষ তৎপৰতা হাতত লৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কাণ্ডাৰীসকলক সন্মানীত কৰিবলৈ বিশেষ ভূমিকা পালন কৰাৰ কথা সদৰী কৰিছে ৰাষ্ট্ৰীয় সভাপতি দেৱেনন্দৰ শ্ৰীনিবাস টেনডকাৰে। আগন্তুক ২১ মে’২০২৩ত নতুন দিল্লীৰ ভাই বীৰ মাৰ্গৰ গলি মাৰ্কেটস্থিত বংগ সাঁস্কৃতিক ভৱনত অনুস্থিতব্য কনফাৰেন্সত গোস্বামীক প্ৰদান কৰা হ’ব এই বিশেষ সন্মান। আনহাতে জীৱনজোৰা শিক্ষা সাধনাৰ বাবে প্ৰফুল্ল কুমাৰ কোঁৱৰক এপিজে আব্দুল কালাম আজাদ সমতা বঁটা,কাব্য ক্ষেত্ৰৰ বিশেষ অৱদানৰ বাবে দিলীপ পৰাজুলী সাহিত্য ৰত্ন বঁটাৰ বাবে অসমৰপৰা মনোনীত কৰি আগন্তুক ২১ মে’ৰ নতুন দিল্লীৰ কনফাৰেন্সত উপস্থিত থাকিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে ২০২২ বৰ্ষৰ শিক্ষক ৰত্ন বঁটা লাভ কৰিছিল তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন দুৱৰাই।

মন্তব্য দিয়ক

Your email address will not be published.