শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন : ২৯ জুন বুধবাৰে ভাৰতৰ মাটিত নিৰ্মিত তীব্ৰবেগী সম্প্ৰসাৰণযোগ্য আকাশী লক্ষ্য ‘হেবিট’ৰ সফল উৎক্ষেপণ কৰা হয়। উৰিষ্যাৰ চণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা ডি আৰ ডি অ’ই এই উৎক্ষেপণ কৰে। এই পদক্ষেপৰ লগে লগে ভাৰত সামৰিক শক্তিৰ ক্ষেত্ৰত অধিক সফল হৈ উঠিল। এই স্বয়ংক্ৰিয় শক্তিচালিত আকাশী লক্ষ্য কোনো মানৱ শক্তি অবিহনে যান্ত্ৰিকভাৱে চলে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এটা ‘স্বয়ংক্ৰিয় ব্যৱস্থা’ৰ প্ৰয়োজন হয়। কালিৰ পৰীক্ষামূলক উৎক্ষেপণৰ সময়ত ইয়াৰ শক্তি কম উচ্চতাত পৰীক্ষা কৰা হৈছিল। ইয়াক এটা সৰু গেছ টাৰ্বাইন ইঞ্জিনেৰে চালিত কৰা হয়। এই কাৰ্যৰ বাবে ডি আৰ ডি অ’ক অভিনন্দন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ইফালে, ২৮ জুনত ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা কেন্দ্ৰই (ডি আৰ ডি অ’) আন এক পৰীক্ষামূলক অস্ত্ৰ উৎক্ষেপণ কৰিছিল। ভাৰতত নিৰ্মিত এণ্টি টেংক গাইডেড মিছাইলৰ পৰীক্ষামূলক প্ৰক্ষেপণ ২৮ জুন মঙলবাৰে মহাৰাষ্ট্ৰত সংঘটিত হয়। সেনাই জনোৱা মতে, এই নতুন অস্ত্ৰই শত্ৰুৰ লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিব পাৰে। এই মিছাইলৰ লক্ষ্যত সঠিকভাৱে আঘাত কৰাৰ ক্ষমতা আছে।