পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন বৰঠাকুৰ

0 31

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উত্তৰাধিকাৰী হ’ব বৰ্তমান অতিৰিক্ত মুখ্য সচিব ৰূপে কৰ্মৰত পৱন বৰঠাকুৰ। ৩১ আগষ্টত মুখ্য সচিবৰ কাৰ্যকাল অন্ত পৰিলেও বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অতিৰিক্তভাৱে দায়িত্ব পালন কৰি থকা এপিডিচিএলৰ অধ্যক্ষ হিচাপে অহা দুটা বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি যাব। বৃহস্পতিবাৰে ৰাজভৱনে জাৰি কৰা জাননী যোগে এই কথা সদৰি কৰা হৈছে। উল্লেখ যে ট্ৰান্সফৰমেছন, ডেভেলপমেন্ট আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা পৱন বৰঠাকুৰক এতিয়াৰ পৰাই মুখ্য সচিব কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপেও অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। এই দায়িত্বত থকা কালতে ৩১ আগষ্টত জিষ্ণু বৰুৱাৰ মুখ্য সচিব হিচাপে কাৰ্যকাল অন্ত পৰাৰ লগে লগে পৱন বৰঠাকুৰে এই দায়িত্ব গ্ৰহণ কৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.