ফাকু খেলি সোৱণশিৰিত গা ধুবলৈ যোৱা যুৱক সন্ধানহীন

0 54

শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৮ মাৰ্চঃ লখিমপুৰৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ আজি এজন যুৱকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। জিলাখনৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত পানী গাঁও চাৰি আলি নিবাসী মিণ্টু শইকীয়াৰ পুত্ৰ মানস প্ৰতীম শইকীয়াই (২৭) আজি দিনৰ ২বজাত সোৱণশিৰি নদীৰ ১নং সোমদিৰি মুখত গা ধুই থাকোতে পানীত ডুব যায়। যুৱকজনে লগৰীয়াৰ লগত সোৱণশিৰি নদীত গাই ধুই থাকোতেই হঠাৎ সন্ধানহীন হৈ পৰে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায় যদিও যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নাই। উল্লেখ্য ফাকুৱা খেলি আনন্দত যুৱক কেইজনে সোৱণশিৰিত গা ধুবলৈ যাওতেই এনে কৰুণ ঘটনা সংঘটিত হয় আৰু যুৱকজনৰ সলিল সমাধি ঘটা বুলি ঠাৱৰ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.