ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান

0 378

ঢকুৱাখনা  ১৪ এপ্ৰিলঃ বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু। ক’ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪  আৰু ১৫ মে’ত ফাটবিহু  উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত আছে । ফাটবিহু উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বাৰ্ষিক মুখপত্ৰ বিহুৱানৰো প্ৰকাশৰ দিহা কৰা হৈছে । ইয়াৰ বাবে অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ পূৰ্ণানন্দ গগৈক উপদেষ্টা আৰু হেমন্ত কুমাৰ বৰুৱাক সম্পাদক হিচাপে লৈ ৭ জনীয়া এখন সম্পাদনা সমিতি গঠন কৰা হৈছে । সম্পাদনা সমিতিয়ে অসমৰ সুহৃদ লেখকৰ পৰা অসমীয়া সংস্কৃতি, বিভিন্ন জাতি -জনগোষ্ঠীৰ বিহু, লোক উৎসৱ ,খাদ‍্যভ্য়াস, বিভিন্ন পৰম্পৰা ,লোকাচাৰ আৰু পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা  বিহুগীত আদিক মূল বিষয় হিচাপে লৈ যুগুত কৰা মৌলিক লেখাৰ আহ্বান জনাইছে । ইচ্ছুক লেখকসকলক তেঁওলোকৰ লেখাসমূহ অহা ৩০ এপ্ৰিলৰ  ভিতৰত ৱাটছ এপ নম্বৰ ৮৮১২৮৮৮১৬৬  অথবা ই মেইল যোগে hemantadk@gmail.com আৰু ডাক অথবা কোৰিয়াৰ যোগে সম্পাদক , বিহুৱান সম্পাদনা সমিতি ,মাৰফৎঃ গগৈ ব্ৰাদাৰ্ছ, ঢকুৱাখনা চাৰিআলি, ডাক- ঢকুৱাখনা ,পিন -৭৮৭০৫৫ ঠিকনাত পঠাবলৈ বিহুৱানৰ সম্পাদক হেমন্ত কুমাৰ বৰুৱাই অনুৰোধ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.