ফুঁ দিলেই ধৰা পৰিব কৰ’না ৰোগী

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিল: RTPCR বা ৰেপিড এন্টিজেন পৰীক্ষা নহয়, শ্বাসৰ পৰাই বুজা যাব কৰ’না হৈছেনে নাই। পলকতে সম্পন্ন হ’ব পৰীক্ষণ। কভিড-১৯ এতিয়া মোটামুটি Endemic পর্যায়ত। এনেদৰেই কৈছে বিজ্ঞানীসকলে। আৰু এই পর্যায় যিমানেই আগুৱাইছে, সিমানেই শক্তিশালী হৈছে এই যুদ্ধৰ হাতিয়াৰসমূহ। ঠিক যেনেদৰে এইবাৰ বজাৰলৈ আহিছে কৰনা সংক্রমণ পৰীক্ষাৰ নতুন যন্ত্র। শ্বাসৰ নমুনাৰ পৰাই বুজা যাব কৰনা সংক্রমণ হৈছেনে নাই। সম্প্রতি আমেৰিকাৰ The Food and Drug Administration বা FDA-এ এই পৰীক্ষা পদ্ধতিটোক স্বীকৃতি দিছে। সংস্থাটোৰ প্রধান জেফ ছুৰেনে জনাইছে যে, এই নতুন পৰীক্ষা পদ্ধতি অত্যন্ত কার্যকৰী আৰু ইয়াত কৰ’না সংক্রমণ ধৰা পেলাবলৈ খুব কম সময় লাছে। এই নতুন যন্ত্রটোৰ নাম দিয়া হৈছে Covid-19 Breathalyzer। প্রাথমিকভাৱে InspectIR নামৰ এটা সংস্থাৰ তৈয়াৰী যন্ত্র এতিয়া ব্যৱহাৰ হৈছে। আৰু বহুকেইটা কোম্পানীয়ে এই ধৰণৰ যন্ত্র বজাৰলৈ আনি আছে। সৰু বেগৰ দৰে মাপৰ এই যন্ত্র। এই বেগটোৰ ফুটাত ফুঁ দিলেই হ’ল। তাতেই বুজা যাব কৰ’না সংক্রমণ হৈছেনে নাই। বিশেষজ্ঞসকলে জনাইয়েছে যে, এই Covid-19 Breathalyzer ব্যৱহাৰ কৰি সংক্রমণ ধৰা পেলাবলৈ সময় লাগে অতি কম। মাত্র ৩ মিনিট। ফলত চিকিৎসালয়, ঘৰ, বিমান বন্দৰ আদিত ব্যৱহাৰ কৰাৰ বাবে এইটো একেবাৰে আদর্শ যন্ত্র। বিজ্ঞানীসকলে আৰু জনাইছে যে, RTPCR বা ৰেপিড এন্টিজেন পৰীক্ষাৰ ক্ষেত্রত সময় এক বৃহৎ অন্তৰায়। বিশেষকৈ RTPCR পৰীক্ষাত অনেক সময় লাগি যায়। তদুপৰি নাকৰ পৰা নমুনা লোৱাৰ বেলিকাও বহুতে ভয় কৰে বা কষ্ট পায়। এতিয়া সেই সকলো সমস্যাৰ শেষ হ’ব এই নতুন পদ্ধতিত। বৰ্তমান আমেৰিকাত আৰম্ভ হ’লেও অচিৰেই অন্যান্য দেশতো এই যন্ত্রটো উপলব্ধ হ’ব।

 

মন্তব্য দিয়ক

Your email address will not be published.