শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ দেশৰ নিউজ মিডিয়াৰ বাতৰি প্ৰকাশ কৰি গুগল, ফেচবুক, টুইটাৰকে ধৰি বহু কোম্পানীয়ে লাভান্বিত কৰি আহিছে। কিন্তু ইয়াৰ ফলত সেই বাতৰিবোৰৰ মূল প্ৰকাশকসকল লাভৰ পৰা বঞ্চিত হয়। সেয়ে এইবাৰ কেন্দ্ৰই এই সম্পৰ্কত শীঘ্ৰেই এক আইন আনিবলৈ ওলাইছে। সেই বৃহৎ টেক জায়েন্টসকলৰ প্লেটফৰ্মত যেতিয়া বাতৰি প্ৰকাশ পায়, তেতিয়া তাত বিজ্ঞাপনো অন্তৰ্ভুক্ত কৰা হয়। সেই বিজ্ঞাপনবোৰৰ পৰা সংশ্লিষ্ট কোম্পানীবোৰে বিপুল পৰিমাণৰ লাভ আদায় কৰি আহিছে। কিন্তু ইয়াৰে অতি কম পৰিমাণৰ শুল্কহে আচল বাতৰি প্ৰস্তুত কৰাসকলৰ হাতলৈ যায়। কেন্দ্ৰীয় তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সংবাদ মাধ্যময এই বিষয়টোক লৈ মত প্ৰকাশ কৰিছে। এনে পৰিস্থিতিৰ পৰা নিস্তাৰ পাবৰ বাবে কেন্দ্ৰই আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে বুলি তেওঁ কয়। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ডিজিটেল বিজ্ঞাপনৰ ক্ষেত্ৰত বৃহৎ তথ্য প্ৰযুক্তি কোম্পানীসমূহৰ ডাঙৰ ভূমিকা আছে। ইয়াৰ বাবে দেশৰ সংবাদ মাধ্যম ক্ষতিগ্ৰস্ত হৈছে। সেয়ে চৰকাৰে ইয়াক লৈ আইন প্ৰণয়নৰ চিন্তা কৰিছে। ফেচবুকে কেনেদৰে ব্যৱসায় কৰি আছে জানেনে? মানুহৰ মাজত যোগাযোগ সৃষ্টিৰ বাবে সৃষ্টি কৰা হৈছিল এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক। এতিয়া এই প্লেটফৰ্মটো বাতৰিৰ স্থানত পৰিণত হৈছে। একেদৰে গুগল এতিয়া কেৱল এটা চাৰ্চ ইঞ্জিন নহয়। বৰং সংবাদ মাধ্যমত এতিয়া ই এক প্ৰধান স্থানত পৰিণত হৈছে। এতিয়া ডিজিটেল বাতৰিৰ যুগ। ডিজিটেল নিউজ পাব্লিচাৰ্ছ এছ’চিয়েশ্যনৰ এক পৰিসংখ্যা অনুসৰি ডিজিটেল মিডিয়াৰ ৫০ শতাংশ ট্ৰেফিক গুগলৰ জৰিয়তে আহে। গুগলে সেই বাতৰি নিয়ন্ত্ৰণ কৰি আছে। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। অষ্ট্ৰেলিয়া আৰু ফ্ৰান্স চৰকাৰে ইতিমধ্যে আইন প্ৰণয়ন কৰিছে যে গুগল আৰু অন্যান্য প্লেটফৰ্মত কোনো বাতৰি প্ৰকাশ পালে বাতৰি প্ৰকাশকে ৰাজহৰ এটা অংশ দিব লাগে। কানাডা আৰু ব্ৰিটেইনেও একেধৰণৰ আইন প্ৰৱৰ্তন কৰিছে।