শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ চিকিৎসালয়ত আজি এন এইচ পি চিয়ে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লখিমপুৰ জিলা স্বাস্থ্য বিভাগক ২৩ লাখ টকাৰ স্বাস্থ্য সামগ্ৰী আনুষ্ঠানিক বিতৰণ কৰে৷ বগীনদী আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত সভাখনত এন এইচ পি চিৰ পি আৰ অ’ এছ পি মজুমদাৰে আঁতধৰা অনুষ্ঠানত লখিমপুৰৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুণীন গগৈক এই চিকিৎসা সঁজুুলিসমূহ প্ৰদান কৰে এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই৷ উল্লেখ্য যে আজিৰ এই সভাখনতে জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ অত্যাধুনিক বিছনাকে ধৰি বিভিন্ন চিকিৎসা সঁজুলি আগবঢ়ায়৷ এই সন্দৰ্ভত এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই সভাত অংশগ্ৰহণ কৰি এন এইচ পি চিয়ে কাষৰীয়া অঞ্চলসমূহৰ সামাজিক উন্নয়নৰ বাবে কেনেদৰে কোটি কোটি টকা ব্যয় কৰি আহিছে সেই কথা অৱগত কৰে৷ আজিৰ এই সভাত সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱান, অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাকে ধৰি বগীনদী আদৰ্শ চিকিৎসালয়ৰ বিভিন্ন চিকিৎসক, স্বাস্থ্যকৰ্মী আদিয়ে অংশগ্ৰহণ কৰে৷