বগীনদীত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জাতীয় পতাকা লৈ সমদল

0 27

উত্তৰ লখিমপুৰ,১৪আগষ্টঃ স্বাধীনতাৰ ৭৫ বৰ্ষৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত আজি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লালপানী মহিলা সমিতিৰ সহযোগত লখিমপুৰ জিলাৰ বগীনদী লালপানীৰ পৰা এটা সমদল বাহিৰ কৰে। উক্ত সমদলৰ জড়িয়তে অৰ্ধশতাধিক লোকে হাতে হাতে জাতীয় পতাকা লৈ লৈ বন্দে মাতৰম,ভাৰত মাতা কি জয় আদি শ্লোগান প্ৰদান কৰি ৰাইজৰ মাজত দেশ প্ৰেম জাগ্ৰত কৰে ।ইপিনে একেদিনাই বগীনদী লালপানী তিনিআলিত স্বচ্ছতা পখৱাৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক চাফাই কাৰ্যসূচী ৰূপায়ন কৰে।আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লালপানী মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱীন কুমাৰ,ৰূপমজ্যোতি চেতিয়া,ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈ,চয়নিকা দত্ত,বুলী ডেকা,ডিম্পী শইকীয়া,লালপানী মহিলা সমিতিৰ সভাপতি জ্যোতি শইকীয়া,সম্পাদিকা মিনাক্ষী দাস,সমাজ সেৱক লুহিত শইকীয়া আৰু অঞ্চলটোৰ অৰ্ধশতাধিক লোকে।

মন্তব্য দিয়ক

Your email address will not be published.