বছৰৰ পহিলা দিনটোত তেজপুৰৰ সৌন্দর্য-সুষমা পান দেশী-বিদেশী পৰ্যটকৰ

0 0

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১জানুৱাৰী : প্ৰকৃতিৰ অনাবিল সৌন্দর্য-সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থল। তেজপুৰ মানেই যেন পৌৰাণিক প্ৰেমৰ মধুৰ সোঁৱৰণৰ তীৰ্থভূমি। ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্রতিধ্বনিত হয় ঊষা-অনিৰুদ্ধৰ অমৰ প্রেমগাঁথা। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটো দেওবাৰ হোৱাত সেই দিনটোত ঐতিহাসিক চহৰখনৰ বিভিন্ন মন্দিৰ তথা পৰ্যটনক্ষেত্ৰত অসংখ্য লোকৰ সমাগম ঘটে। শান্তি আৰু সমৃদ্ধিৰে বছৰটো অতিবাহিত হোৱাৰ উপৰি ৰাজ্যত হিংসা-অসূয়া দূৰ হোৱাৰ আশিস বিচাৰি সেইদিনা তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, গণেশ ঘাটৰ গণেশ মন্দিৰ, হলেশ্বৰ, কেতেকেশ্বৰ, মাইথান, ৰুদ্ৰপদ, হেগুলেশ্বৰ তথা দেৱীসিং ঘাটৰ পাহাৰত থকা গণেশ মন্দিৰত সহস্ৰাধিক ভক্তৰ সমাগম হয়। একেদৰে তেজপুৰৰ চিত্ৰলেখা উদ্যান আৰু অগ্নিগড়লৈ বিয়লি পর্যন্ত বহুসংখ্যক পর্যটকৰ আগমন ঘটে। অগ্নিগড়ত থকা বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা হৰিহৰ যুদ্ধৰ দৃশ্যাৱলী চাবলৈ আহিলে বহু হাজাৰ দৰ্শনাৰ্থী। অগ্নিগড়ত দৰ্শনাৰ্থীৰ পৰাই সংগ্ৰহ হয় ৬০ হেজাৰৰো অধিক টকা। আনহাতে, পূৰ্বৰ ‘ক’লপার্ক’ তথা বৰ্তমানৰ চিত্ৰলেখা উদ্যান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত উদ্যানখনলৈ আজি সন্ধ্যালৈকে দেশী-বিদেশী হেজাৰ হেজাৰ পৰ্যটকৰ আগমন ঘটে। উল্লেখ্য, সন্ধ্যা পর্যন্ত উদ্যানখনত প্ৰৱেশৰ বাবে দীঘলীয়া শাৰী পৰিলক্ষিত হোৱা চিত্ৰলেখা উদ্যানত  লক্ষাধিক টকাৰ মাচুল সংগ্রহ হয়। উল্লেখ্য, তেজপুৰৰ কলাগুৰু সমাধিক্ষেত্র ‘সমন্বয়ক্ষেত্ৰ লৈও আগমন ঘটে বহুসংখ্যক লোকৰ। একেদৰে ড° ভূপেন হাজৰিকাৰ ‘কলাভূমি’ আৰু জিলা সংগ্ৰহালয়তো ৰাইজৰ সমাগম আছিল লক্ষণীয়। ইফালে মহাবাহু ব্ৰহ্মপুত্ৰৰ সোণোৱালী বালিচৰত, গণেশ ঘাটত, হনুমান মন্দিৰৰ সমীপস্থ গেৰেকীৰ ব্ৰহ্মপুত্ৰৰ পাৰত, ভৈৰৱ পদত, দেৱীসিং ঘাট তথা কলিয়া ভোমোৰা সেতুৰ দুয়োপাৰেও বনভোজৰ দলৰ ব্যাপক সমাগমে এই অঞ্চলসমূহত এক মেলামুখী পৰিৱেশৰ সৃষ্টি হয়।ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত সাংস্কৃতিক নগৰী তেজপুৰত এগৰাকী মহিলাৰ বলিষ্ঠ পদক্ষেপ। তেজপুৰত দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ দ-পৰ্বতীয়া বেজৰ চুবুৰীৰ দেৱী সিং ঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আজিৰ পৰা নিজা প্ৰচেষ্টাৰে উদ্যোগী মহিলা পংকজা বৰাই আৰম্ভ কৰিছে দে’ আলহা নামৰ এক ৰিজৰ্টৰ । গ্ৰাম্য পৰ্যটন ক্ষেত্ৰক প্ৰসাৰৰ বাবে সম্পূৰ্ণ সেউজ পৰিবেশত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত নটা কটেজসহ আৰম্ভ কৰা উক্ত ৰিজৰ্টখন আজি পুৱা আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্যবাহী দণ্ডাধীশ পংকজ বৰাই। তেজপুৰৰ উদ্যোগী মহিলা গৰাকীৰ মহিলা সৱলীকৰণৰ এক বলিষ্ঠ পদক্ষেপ হিচাপে চিহ্নিত হোৱা উক্ত ৰিজৰ্টৰ উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলা পৰিষদৰ সদস্যা স্বপ্না বনিয়া প্ৰমুখ্যে বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ভৈৰৱপদ শিলৰ ওপৰত থকা মহাদেৱৰ পদ চিহ্নৰ সমীপত আৰম্ভ কৰা উক্ত ৰিজৰ্টখনে পৰ্য্যটকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব সেয়া নিশ্চিত।একেদৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈয়ো যথেষ্ট সংখ্যক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে৷

মন্তব্য দিয়ক

Your email address will not be published.