বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত শোণিতপুৰত

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰী: শোণিতপুৰত বন্য হস্তীৰ আক্ৰমণত প্ৰদীপ বৰা নামৰ ৫৯বছৰীয়া এগৰাকী বনকৰ্মী নিহত হয়৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত তহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হয়৷বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি পুৱা প্ৰায় ১১ বজাত আন দুজন বন কৰ্মীৰ স’তে বনাঞ্চলত তহল দিবলৈ যোৱাৰ সময়ত বনৰীয়া হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত ৫৯বছৰীয়া বন বিভাগৰ সুদক্ষ কৰ্মচাৰী জনৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোকে মিছামাৰী আৰক্ষীৰ সহযোগত বন কৰ্মী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰন কৰে। নিহত বন কৰ্মী গৰাকীৰ ঘৰ কাৰ্বি আলং জিলাৰ বকলীয়াত বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.