
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ চৰকাৰে উন্নয়নৰ নামত যধে মধে বন ধবংস কৰিবলৈ বিচৰা কাৰ্যত একাংশ প্ৰকৃতিপ্ৰেমী লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত এনেদৰে লখিমপুৰ জিলাত সহস্ৰাধিক পৈনত আৰু অপৈনত গছ কাটিবলৈ লোৱা সিদ্ধান্তই প্ৰকৃতিপ্ৰেমীক মৰ্মাহত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত মালা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ পৰা খাবলু ঘাট পৰ্যন্ত পূৰ্বৰ পথটো বহল আৰু সবলীকৰণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বন বিভাগ, ৰাজহ বিভাগ আৰু লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণৰ যাৱতীয় জৰীপ সম্পন্ন কৰি তুলিছে৷ সেই মৰ্মে কে বি ৰোডৰ পথৰ দাঁতিত থকা ১৪৮৩ জোপা সৰু বৰ গছ কটাৰ বাবে গণনা সম্পূৰ্ণ হৈ উঠিছে৷ একেদৰে লীলাবাৰী এয়াৰপৰ্ট পথটো নিৰ্মাণৰ বাবেও ৪৭ জোপা গছ কটাৰ বাবে গণনা সম্পূৰ্ণ কৰি তোলা হৈছে৷ মুঠতে এতিয়া লখিমপুৰৰ কে বি ৰোডৰ দুয়োকাষে থকা ১৪৮৩ জোপা গছৰ লগতে লীলাবাৰী পথৰ ৪৭ জোপা গছে একপ্ৰকাৰে বলিশালত মৃত্যুৰ ক্ষণ গণিছে৷