বহিঃৰাজ্যত নিহত তেজপুৰৰ যুৱক

0 9

শতাব্দ ষ্টাফ ৰিপ“ৰ্টাৰ,তেজপুৰ,১২জুনঃ বহিঃৰাজ্যলৈ যোৱা তেজপুৰৰ এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ বিহাৰত উদ্ধাৰ হৈছে৷আনহাতে যুৱকজনৰ মৃত্যুৰ বাতৰি আজি লাভ কৰাৰ পাছত অকলশৰীয়া মাতৃয়ে পুত্ৰৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাকে লৈ অস্হিৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী মেকেনৰ চুবুৰীৰ যুৱক প্ৰাণজিৎ নাথে যোৱা শনিবাৰে ৰে’ল যোগে পঞ্জাৱলৈ গৈছিল৷ ইয়াৰ এদিন পিছতে কালি ৰে’লত গৈ থকা অৱস্হাতে যুৱকজনৰ ৰেলৰ পৰা পৰি মৃত্যু ঘটা বুলি আজি তেজপুৰৰ মাকক খবৰ দিয়ে ৰে’ল আৰক্ষীয়ে৷ যুৱকজনৰ পৰিয়ালে প্ৰাণজিতৰ মৃত্যু ৰে’লৰ পৰা পৰি হোৱা বুলি মানি লোৱা নাই আৰু এই মৃত্যুৰ আঁৰত ৰেলত কাজিয়াৰ সূত্ৰপাত ঘটি কোনো লোকে যুৱকজনক পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে৷ ইপিনে পিতৃহীন যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ বাবে হাঁহাকাৰ লগা মাতৃয়ে অসম আৰক্ষীৰ প্ৰতি কাতৰ আহ্বান জনাই কয় যে,ৰে’ল আৰক্ষীৰ স’তে যোগাযোগ কৰি নিহত প্ৰাণজিতৰ মৃতদেহটো ঘৰলৈ অনাৰ ব্যৱস্থা কৰিব লাগে৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক ম্ৰিয়মাণ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.