বহুজন সাহিত্য অকাডেমিৰ দ্বাৰা সন্মানিত হ’ল দিপ্তী নাথ বৰা

0 0

শতাব্দ প্ৰতিনিধি নাৰায়ণপুৰ, ২৮ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চেঙেলিজানৰ দিপ্তী নাথ বৰাই চলিত বৰ্ষৰ কলাৰত্ন বঁটাৰে সন্মানিত হ’ল।ষষ্ঠ সংখ্যক দক্ষিণ ভাৰতীয় লেখক সন্মিলনত যোৱা ২১ মাৰ্চত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ল এই বিশেষ বঁটাটো।বহুজন সাহিত্য অকাডেমি (B.S.A)এ আনুষ্ঠানিকভাৱে দিপ্তী নাথ বৰাক সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তিৰুপট্টীত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিলে বৰ্ষশ্ৰেষ্ঠ ‘কলাৰত্ন’ ৰাষ্ট্ৰীয় বঁটাটো। সংগীতত বি মিউজ দিপ্তী নাথ বৰাই নিৰবচ্ছিন্নভাৱে দীৰ্ঘদিনৰেপৰা সংগীত চৰ্চা অব্যাহত ৰাখিছিল। চল্লিশটাৰো অধিক গীত প্ৰাণঢালি গাই তুলি দিছিল শ্ৰোতাৰ মাজলৈ।তাৰেই দুটি গীত’ৰ (কৃষ্ণ বনমালী’ আৰু শালিকী চৰায়ে কিৰিলি পাৰিলে) উচ্চ প্ৰশংসাৰে প্ৰশংসিত হ’ল বহিঃৰাজ্যৰ বিশেষ অনুষ্ঠানটোত। চেঙেলিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত শ্ৰীমতী বৰাই ১৯৬৮ চনৰ ১ এপ্ৰিলত উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ কমলেশ্বৰ নাথ আৰু মাতৃ পাৰুল নাথ। লখিমপুৰৰ গড়েহগা বাঁহপতি হাইস্কুলৰ পৰা হাইস্কুলৰ শিক্ষা লৈ ১৯৯৩ চনত লখিমপুৰৰ এল টি কে কলেজৰ পৰা বি এ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়ত এম এ ডিগ্ৰী অৰ্জন কৰে। ২০১৭ চনত লখিমপুৰ DIET ৰ পৰা B.Ed সম্পূৰ্ণ কৰা দীপ্তনাথ বৰাই হিন্দী ভাষাত ৰত্ন-১৯৯৩, বি সংগীতৰ ডিপ্লমা (কণ্ঠ) আৰু শাস্ত্ৰীয় সংগীতত গায়ন-বায়নত ডিপ্লমা লাভ কৰে। ১৯৮৫ চনত গড়েহগা বাঁহপতি হাইস্কুল, ১৯৮৭ চনত লখিমপুৰৰ এল টি কে কলেজ আৰু ২০১৭ চনত DIET লখিমপুৰ’ ত শ্ৰেষ্ঠ গয়িকা হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ২০১৫ চনত মেঘালয়ত আয়োজিত উত্তৰ-পূব ভাৰতৰ বিখ্যাত সাংস্কৃতিক অনুষ্ঠান (ষ্টাৰ চিমেণ্টৰ দ্বাৰা আয়োজিত ) সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰিছিল। ৰাস লীলা, নাট্য অনুষ্ঠান, জিকিৰ-জাৰী আদি বিভিন্ন মঞ্চ অনুষ্ঠানতো গীত পৰিৱেশন কৰা দিপ্তী নাথে ২০১৬ চনত প্ৰকাশ কৰে তেখেতৰ প্ৰথমখন মৌলিক গ্ৰন্থ অসমীয়া নাৰীৰ আ-আলংকাৰ আৰু সাজ- সজ্জা। দীপ্তি নাথৰ বহু গীত যুৱক-যুৱতীসকলৰ মাজতো জনপ্ৰিয় । তাৰে দুটি গীত ‘কৃষ্ণ বনমালী’ আৰু ‘শালিকী চৰায়ে কিৰিলি পাৰিলে’ বহুজনৰ মুখে মুখে। তেওঁ এগৰাকী সফল ইউটিউবাৰো।

মন্তব্য দিয়ক

Your email address will not be published.