শতাব্দ প্ৰতিনিধি, বাক্সা, ১৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানৰ সংহাৰী ৰূপে গৃহহাৰা কৰিছে বহু পৰিয়াল।জিলাখনৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, কদমতলা, মিছলামাৰী, বৰশিমলুগুৰী আদি অঞ্চলত পাগলাদিয়া আৰু মৰা পাগলাদিয়াৰ নৈৰ দুখনৰ বাঢ়নী পানীয়ে তীব্ৰ বানপানী আৰু গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত গৃহহাৰা হৈছে বহু লোক । অঞ্চলসমূহৰ ৫৬৩ টা পৰিয়াল গৃহহাৰা হোৱাত পৰিয়ালসমুহক উদ্ধাৰ কৰি ৰাখিছে আশ্ৰয় শিবিৰত।শিশু বৃদ্ধকে আদি কৰি দুই সহস্ৰাধিক লোকৰ খোৱা লোৱা, চিকিৎসা বিজুলী আদি সুবিধা প্ৰদান কৰি নিৰাপদে ৰখাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে জিলা প্ৰশাসন আৰু বিটিআৰ কৰ্তৃপক্ষই। বিগত এসপ্তাহ ধৰি নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰ থকা লোকসকলৰ প্ৰতিতো মুহুৰ্ততে খা খৱৰ লৈছে বিটিচি অধ্যক্ষ কাতি ৰাম বড়ো, বিধায়ক ভূপেন বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্মই । আশ্ৰয় শিবিৰৰ ৰোগাক্ৰান্ত পাঁচগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে নলবাৰী আৰু ওচৰৰ চিকিৎসালয়লৈ নিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে অধ্যক্ষ কাতিৰাম বড়োই । শিবিৰ থকা লোকসকল নিজ নিজ গৃহত পুনৰ সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে বিটিচিৰ অধ্যক্ষ কাতি ৰাম বড়োয়ে।তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলকো কৃষি বিভাগৰ জৰিয়তে সুবিধা দিয়াৰ কথা ব্যক্ত কৰে । পশুধনৰ চিকিৎসা আৰু সুৰক্ষিত ৰখাৰ কাৰণে বিভাগীয় বিষয়া সকলৰ লগত আলোচনা কৰাৰ কথা কলে তেঁও । শীঘ্ৰে বানত ক্ষতিগ্ৰস্থ লোক সকলৰ ভি চি ডি চিৰ অধ্যক্ষ,গাঁওবুঢ়া ,আৰু চৰকাৰী বিভাগীয় বিষয়াৰ জৰিয়তে বান ক্ষতিগ্ৰস্থ লোকৰ জৰীপ কাৰ্য চলাব বুলি কলে অধ্যক্ষ কাতিৰাম বড়োই ।