বাক্সাৰ ককিলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত বিজয়মালা পিন্ধিলে ইউ পি পি এলৰ প্ৰাৰ্থী মন্টু বড়োয়‍ে

0 16
শতাব্দ প্ৰিতনিধি, বাক্সা,১২ জুনঃ বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হল বি টি চি পৰিষদৰ উপ নিৰ্বাচনৰ ফলাফল । বিগত পৰিষদীয় সাধাৰণ নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োই জয়লাভ কৰিছিল গৈবাৰী আৰু ২২ নং ককিলাবাৰী পৰিষদীয় সমষ্টি দুটাৰ পৰা । পৰৱৰ্তী সময়ত ককিলাবাৰী সমষ্টিটো এটি দিয়াত ৮ জুনত অনুষ্টিত হয় উপনিৰ্বাচন । সমষ্টিটোৰ পৰা বিজেপি ,ইউ পি পি এল আৰু জি এছ পিৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থীৰ বিপৰিতে আছিল বি পি এফৰ শংকৰ বসুমতাৰী, নিৰ্দলীয় হীৰেন শৰণীয়া আৰু ভি  পি আইৰ লৱ কুমাৰ বসুমতাৰী । আজি ভোটগণনাৰ অন্তত বি জে পি, ইউ পি পি এলৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থী মন্টু বড়োই লাভ কৰে ৩২৫৭১ টা, বি পি এফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰী ১৬২২৫ টা, নিৰ্দলীয় প্ৰাৰ্থী হীৰেন শৰণীয়াই ১২২৬ আৰু ভি পি আই য়ে লাভ কৰে ৭৩৬ টা ভোট। ১৬৩৪৬ টা ভোটৰ ব্যৱধানত ইউ পি পি এলৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থী মন্টু বড়োই বিজয় ঘোষণা হয়। বিজয় ঘোষণা হোৱাৰ লগে লগে ইউ পি পি এল, বি জে পি আৰু জি এছ পিৰ সমৰ্থকসকলে ফটকা ফুটাই মন্টু বড়োক বিজয় মালা পিন্ধাই আনন্দ উৎসৱ পালন কৰে। সমষ্টিটোৰ সকলো সমস্যা দূৰ কৰাৰ কাৰণ‍ে দায়বদ্ধ হোৱাৰ কথা উল্লেখ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল মিত্ৰজ‍োঁটৰ চৰকাৰে ৰাইজৰ সকলো সমস্যা দূৰ কৰিব বুলি মন্তব্য কৰে বিজয়ী প্ৰাৰ্থী মন্টু বড়োয়‍ে।
মন্তব্য দিয়ক

Your email address will not be published.