শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ জুনঃ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে। পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে। বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যাৰ বাবে এইবাৰ কিছু আগুৱাই দিয়া হৈছে গৰম বন্ধ। আজি জনতা ভৱনত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। সাধাৰণতে জুলাই মাহত গৰম বন্ধ দিয়া হয়। এইবাৰ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্রীয়ে জানিবলৈ দিয়ে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহকো এই নিৰ্দেশনা মানিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্রীগৰাকীয়ে। আনহাতে যিসমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়ক ২৫ জুনৰ ভিতৰত পৰীক্ষা শেষ কৰি গৰমৰ বন্ধ দিবলৈ কৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ সময়তকৈ ৫ দিন আগুৱাই দিয়া হ’ল এইবাৰৰ গৰমৰ বন্ধ। উল্লেখ যে ৰাজ্যৰ প্ৰায় কেইখন জিলা প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে। ৫০ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বহু সংখ্যক বিদ্যালয় বানৰ কবলত পৰাৰ বাবে বন্ধ হৈ আছে পাঠদান।