বানত ক্ষতিগ্ৰস্ত বহু মীন পালক
বিভাগীয় তথ্য মতে ১৬.৮০হেক্টৰ পুখুৰী প্লাবিত শোণিতপুৰতঃ বাস্তৱত ক্ষতিৰ পৰিমাণ বহু অধিক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭জুনঃ বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ যেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিলে একেদৰেই মীন পালকসকলৰো অত্যধিক লোকচানৰ সন্মূখীন কৰিছে। চৰকাৰী তথ্যৰ তুলনাত এই লোকচান অধিক ব্যাপক মাত্ৰাত হোৱা বুলি স্থানীয় বহু সংখ্যক মীন পালকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, চৰকাৰী তথ্য অনুসৰি ১৮ জুনৰ তেজপুৰৰ বাঘচোং, শলমৰা, ভালুকঝাৰণি আৰু পৰমাইঘূলিত ৪১টা মীন পালক পৰিয়াল এই বানত ক্ষতিগ্ৰস্ত হৈছে আৰু মুঠ ১১.৭০ হেক্টৰ এলেকাৰ পুখুৰী বানৰ কবলত পৰে। একেদৰে ৰাজভৰাল আৰু দপৰ্বতীয়া অঞ্চলৰো ৫.১০হেক্টৰ পৰিমানৰ মাটিৰ পুখুৰী প্লাবিত হয়। তেজপুৰৰ মুঠ ১৬.৮০হেক্টৰ পুখুৰীৰ দ্বিতীয়টো বানত বিস্তৰ ক্ষতি সাধন হোৱা বুলি মীন বিভাগৰ তথ্যত প্ৰকাশ পালেও এই পৰিমান বহু অধিক বুলি প্ৰকাশ কৰিছে বানৰ কবলত পৰা বহু সংখ্যক মীন পালকে। উল্লেখযোগ্য যে,১৮ জুনৰ পুৱা প্ৰায় চাৰি বজাত মানশিৰি নৈৰ পানীয়ে ৰঙাপৰা আৰু তেজপুৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰে। স্থানীয় মীনপালক সকলে তেওঁ লোকৰ পুখুৰী সমূহ সুৰক্ষিত কৰাৰ পূৰ্বেই মানশিৰিৰ পানী মৰাভৰলীত প্ৰৱেশ কৰে আৰু ইয়াৰ পাছতে শ’লমৰা, ভালুকঝাৰণি, পৰমাইঘূলি, জা হাজডোবা আদিৰ বহু পুখুৰীৰ ওপৰৰে প্লাবিত হয়। উল্লেখযোগ্য যে, জাহাজডোবা অঞ্চলৰ এজন শিক্ষিত মীন পালক আবুল কালাম আজাদে কয় যে তেওঁৰ তিনিটা পুখুৰীৰ আটাইকেইটাই বানৰ কবলত পৰে। তেওঁৰ প্ৰায় আঠ বিঘা মাটিকালিৰ বৃহৎ পুখুৰীটোৰ পাৰ বাঢ়নি পানীয়ে ছিঙি পুখুৰীটো ডুবাই পেলাই। একেদৰেই আন দুটা পুখুৰীও প্লাবিত হয়। কালামে প্ৰকাশ কৰে যে, অঞ্চলটোত দুই বিঘাৰ পৰা ১০বিঘাৰ ভিতৰত ৪০টাৰ অধিক পুখুৰী আছে আৰু এই সকলো পুখুৰীতে বৰ্তমান দুই-আঢ়ৈ কিলোগ্ৰাম ওজনৰ বাহু, ৰৌ, বিকেড তথা অন্যান্য বিভিন্ন মাছ আছিল যিবোৰৰ অধিকাংশই বানত পুখুৰীৰ পৰা ওলাই যায়। কালামৰে এই বানত কমেও পাঁচ লাখ টকাৰ মাছ ওলাই যোৱা বুলি তেওঁ ব্যক্ত কৰে। একেদৰে অঞ্চলটোৰ আক্কাশ আলী, আব্দুল মালেক, হাচিম আলী, আমিৰ হামজা আৰু আমিনুল ইছলামকে ধৰি আন সকল মীন পালকো একেই দুৰ্গতিৰ সন্মুখীন হয়। উল্লেখযোগ্য যে, মৰাভৰলীৰ পাৰৰ বৃহত্তৰ অঞ্চলত একাংশ লোকে ব্যক্তিগত প্ৰচেষ্টাৰে বৃহৎ পৰিসৰত মীন পালন কৰি আহিছে। জাহাজডোবাৰ উপৰিও পূৰণি আলি মূৰতো বহু সংখ্যক পুখুৰী আছে আৰু এই সকলোবোৰেই ইতিমধ্যে প্লাবিত হোৱাত ইয়াৰ পৰা বহুমাছ ওলাই যায়। প্ৰণিধানযোগ্য যে,সমীপৱৰ্তী পৰমাইঘূলিতো একেই অৱস্থা। জাহাজডোবাৰ বহুকেজন মীন পালকে প্ৰকাশ কৰে যে, তেওঁলোকৰ এই বিপৰ্যয়ৰ খৱৰ মীন বিভাগে লোৱা নাই। অৱশ্যে এইসকল মীন পালকৰ অধিকাংশই সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে মীন পালন কৰি আহিছিল। এই অঞ্চলসমূহত উৎপাদিত মাছে শোণিতপুৰৰ লগতে চুলুঙৰ পাইকাৰী বজাৰত যথেষ্ট পৰিমানে চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছিল য’দিও এইবাৰ বানে তেজপুৰৰ তথা শোণিতপুৰৰ নৈ পৰীয়া অঞ্চল সমূহৰ মীন পালক আৰু উৎপাদনকাৰী সকলক চৰম বিপৰ্যয়ৰ গৰাহলৈ থেলি দিয়ে।এনে বহু সংখ্যক পুখুৰী প্লাবিত হোৱাৰ তথ্য প্ৰকৃততে চৰকাৰী তথ্যত প্ৰকাশেই হোৱা নাই। এনে স্থলত ক্ষতিগ্ৰস্ত বহু সংখ্যক মীন পালকে যে সামান্য ক্ষতিপূৰণো লাভ কৰিবলৈ সক্ষম নহয় সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। প্ৰণিধানযোগ্য যে,ঢেকিয়াজুলি ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলতো বহু সংখ্যক পুখুৰী বানে ডুবাই পেলোৱাত ইয়াৰ মীন পালক সকলো বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে।
![]() |
ReplyForward
|