বিকল হৈ পৰিল জেমছ ৱেব টেলিস্কোপ!

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ কিছুদিন পূৰ্বে নাছাৰ জেমছ ৱেব টেলিস্কোপে প্ৰেৰণ কৰা মহাকাশৰ ফটোবোৰ দেখি সমগ্ৰ বিশ্ব মুগ্ধ হৈ পৰিছিল। কিন্তু সেই মোহৰ অন্ত ওচৰ চাপি আহিছে নেকি? কাৰণ, এটা গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষৰ বাবে এই টেলিস্কোপটো চিৰদিনৰ বাবে ধ্বংস হৈ যোৱা বুলি খবৰ ওলাইছে। ‘ধ্বংস’ মানে ইয়াত কিছু অসামঞ্জস্যতাই দেখা দিছে, যিটো সংশোধন কৰিব নোৱাৰি। লগতে, গ্ৰহাণুৰ সতে হোৱা সংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্ত হোৱা যন্ত্ৰটোৰ পৰা পোৱা সকলো তথ্যও লাভ কৰিব পৰা নাই। বিজ্ঞানীসকলে কয় যে, কিছুমান মাইক্ৰ’মিটিঅ’ৰইডৰ প্ৰভাৱত ইয়াৰ আইনাখন ক্ষতিগ্ৰস্ত হৈছে। প্ৰথম অৱস্থাত জেমছৰ আঘাত গুৰুতৰ বুলি ভবা নাছিল। কিন্তু ক্ৰমান্বয়ে বিজ্ঞানীসকলে ক্ষতিৰ ওপৰত চকু ৰাখিছে। ইয়াৰ প্ৰাথমিক দাপোণখন ধ্বংস হৈ গৈছে।অৱশ্যে বিজ্ঞানীসকলে আগতীয়াকৈ কিছুমান কাৰিকৰী ‘ইন-বিল্ট’ ব্যৱস্থা প্ৰস্তুত কৰিছিল যে এই ধৰণৰ সংঘৰ্ষ হ’ব পাৰে। যদিও বাস্তৱত ই ইমান ফলপ্ৰসূ নহয়। উল্লেখ্য যে ইউৰোপীয় মহাকাশ সংস্থা আৰু কানাডাৰ মহাকাশ সংস্থাৰ সহযোগত নাছাই এই টেলিস্কোপটো প্ৰস্তুত কৰিছিল।
Attachments area
মন্তব্য দিয়ক

Your email address will not be published.