শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : সময় সলনি হৈ আছে। সমাজে এতিয়াও অন্ধবিশ্বাসক সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব পৰা নাই। কিন্তু মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে। বিশেষকৈ ছ’চিয়েল মিডিয়াৰ যুগত সাম্প্ৰতিক প্ৰজন্ম অতি ‘মুক্ত মন’ৰ। লিংগ, ধর্ম বা জাতিৰ প্রতি গুৰুত্ব নিদিয়ে৷ বর্তমানৰ প্রজন্মই যাক ভাল পাব বিচাৰে তাক ভাল পাই আছে৷ সমাজৰ আন আন দিশবোৰতো সচেতন। এতিয়া বিয়াৰ পূৰ্বে শিশুটিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা হৈছে। থাইৰয়ড টেষ্ট কৰাই লোৱাৰ ব্যৱস্থা কৰা হৈছে দৰা-কইনাৰ। এতিয়া যদি এহাল দম্পতিৰ বন্ধ্যাত্বৰ সমস্যা হয়, তেন্তে কেৱল মহিলাগৰাকীৰ দোষ নহয়। বৰঞ্চ চিকিৎসাৰ জৰিয়তে সমাধানৰ সন্ধান কৰা হয়। সূত্ৰ অনুসৰি যোৱা চাৰিটা দশকত ৫০ লাখৰো অধিক শিশুৱে টেষ্ট টিউব কেঁচুৱাৰ জৰিয়তে পৃথিৱীৰ পোহৰ দেখিছে। এতিয়া পূৰ্বতকৈ অধিক লোক চিকিৎসাৰ বাবে অহাৰ লগে লগে চিকিৎসাৰ খৰচো কমি আহিছে। কিন্তু আজিও বন্ধ্যাত্বৰ চিকিৎসা বহু মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ লোকৰ হাতৰ মুঠিৰ বাহিৰত। কিন্তু শেহতীয়াকৈ বিজ্ঞানৰ এক আচৰিত আৱিষ্কাৰে মধ্যবিত্ত শ্ৰেণীৰ মাজত আশাৰ সঞ্চাৰ কৰি আছে। বিজ্ঞানীসকলে এনে এটা প্ৰটিন আৱিষ্কাৰ কৰিছে যিয়ে নিষেচনৰ সময়ত শুক্ৰাণু-ডিম্বাণুক পুষ্টি প্ৰদান কৰাৰ উপৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰটিনটোৰ নাম দিয়া হৈছে ‘মাইয়া’। গ্ৰীক মাতৃত্বৰ দেৱীৰ নামেৰে এই প্ৰটিনৰ নামকৰণ কৰা হৈছে। Science Advances নামৰ আলোচনীত প্ৰকাশিত গৱেষণা অনুসৰি প্ৰজনন ক্ষেত্ৰত গেমেট ফিউজন এক অতি গুৰুত্বপূৰ্ণ পৰিঘটনা। বিজ্ঞানীসকলে Fc নামৰ এক প্ৰকাৰৰ প্ৰটিন-৩ ৰিচেপ্টৰ আৱিষ্কাৰ কৰিছে, যিয়ে নিষেচনৰ সময়ত ডিম্বাণুৱে নিষিক্ত কৰিবলৈ চেষ্টা কৰা শুক্ৰাণুত থকা প্ৰটিনৰ সৈতে টানকৈ বান্ধ খাই থকাত সহায় কৰে। এই আৱিষ্কাৰ বন্ধ্যাত্বৰ ক্ষেত্ৰত এক অগ্ৰগতি হিচাপে প্ৰমাণিত হ’বলৈ গৈ আছে। কোমোৰস্কাভাই কয়— ‘’এয়া প্ৰায় দুটা দশকৰ গৱেষণাৰ ফল। এই প্ৰকাশনটো আমেৰিকা, যুক্তৰাজ্য আৰু জাপানকে ধৰি প্ৰায় ১৭টা সংযুক্ত প্ৰতিষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ফল।” এই গৱেষণা প্ৰথমে ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ হেৰী মূৰৰ লেবত আৰম্ভ হৈছিল। গৱেষকসকলে এই পৰীক্ষাটো চলাবলৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও কয়। যিহেতু এই ধৰণৰ প্ৰটিন কেৱল মানুহৰ শৰীৰতহে পোৱা যায়, সেয়েহে পৰীক্ষাৰ বাবে সন্মতি লোৱাটো কঠিন হৈ পৰিছিল। এই গৱেষণা সম্পূৰ্ণৰূপে মানুহৰ শুক্ৰাণু আৰু ডিম্বাণুৰ ওপৰত কৰা হৈছিল।