শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ এপ্ৰিলঃ পৃথিৱী কিদৰে সৃষ্টি হৈছিল সেই ৰহস্যৰ জঁট খুলিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীয়ে। বিশ্বৰ মূল অংশত এটা ‘ফুটা’ পোৱা গৈছে, যিটোৱে ভবাই তুলিছে বিজ্ঞানীসকলক। কাৰণ সেই ঠাইৰ পৰা বাহিৰ হৈছে হিলিয়াম-৩। কোটি কোটি বছৰ আগেয়েই সৃষ্টি হৈছিল এই বিশ্ব। কিন্তু এতিয়াও অজানা হৈয়ে আছে কিদৰে সৃষ্টি হৈছিল এই পৃথিৱী। কিন্তু আৰু যেন বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব। খুব সোনকালেই সেই ৰহস্যৰ সমাধান কৰি পেলাব পাৰিব বিজ্ঞানীসকলে। তেনে আশাই দেখুৱাইছে এখন বৈজ্ঞানিক জাৰ্নালত প্ৰকাশিত এক প্ৰতিবেদনে। প্ৰতিবেদনত কোৱা হৈছে, গ্ৰহটোৰ মূল অংশত এটা এনে ‘ফুটা’ আছে যি বিশ্বৰ গঠন সম্পৰ্কে ইঙ্গিত দিছে। ইয়াত বিগ বেঙৰ পৰা আৰম্ভ হৈ ৰহস্যৰ বিস্তাৰ হৈছে সৌৰ নীহাৰিকালৈকে। বিজ্ঞানীসকলে ইতিমধ্যেই চিনাক্ত কৰিছে হিলিয়াম-৩। হিলিয়াম গেছৰ এটা বৃহৎ আইচটপ আছে, যিটো পৃথিৱীৰ কেন্দ্ৰৰ পৰা বাহিৰ হৈছে। আদিম এই গেছবিধ বিগ বেঙৰ পিছতেই তৈয়াৰ হৈছিল বুলিও ধাৰণা কৰিছে বিজ্ঞানীসকলে। পৃথিৱী সৃষ্টি হোৱাৰ লগে লগে এটা সৌৰ নীহাৰিকাৰ পৰা পাইছিল। বিজ্ঞানীসকলে জনাৰ চেষ্টা আৰম্ভ কৰিছে এই প্ৰাচীন গেছ এতিয়ালৈকে কিমান পৰিমাণত বাহিৰ হৈ গৈছে। হিলিয়াম-৩ চিনাক্তকৰণে ইঙ্গিত দিয়ে যে, পৃথিৱীত এই উপাদানটোৰ গভীৰ জলাধাৰ আছে। অৱশ্যে ইয়াৰ অৱস্থান আৰু প্ৰাচুৰ্য সম্পৰ্কে এতিয়াও বিস্তাৰিত তথ্য বিশেষজ্ঞসকলে লাভ কৰা নাই। সেই ৰহস্য এতিয়াও আধৰুৱা হৈ আছে। অৱশ্যে বহুকেইজন বিশেষজ্ঞই কৈছে যে, হিলিয়াম-৩ গেছ প্ৰাকৃতিক কাৰণেও সৃষ্টি হ’ব পাৰে। ট্ৰটিয়ামৰ তেজস্ক্ৰিয় ক্ষয়ৰ পৰাও তৈয়াৰ হয় হিলিয়াম-৩। অৱশ্যে এই আদিম উপাদানটো মূলতঃ তৈয়াৰ হয় নীহাৰিকাত। AGU Geochemistry, Geophysics, Geosystems নামৰ জাৰ্নালখনত প্ৰকাশিত গৱেষণাপত্ৰত কোৱা হৈছে, পৃথিৱীৰ গঠন আৰু বিৱৰ্তনৰ সময়ত উদ্বায়ী বিনিয়ন ধাতৱ কলিত এটা ‘ফুটা’ সৃষ্টি হৈছিল। যিটোৱে পৰৱৰ্তীকালত জলাধাৰৰ আকাৰ লয়। আৰু গোটেই বিশ্বতেই হিলিয়াম-৩ সৰবৰাহ কৰে। প্ৰধানতঃ ইউৰেনিয়াম আৰু থৰিয়ামৰ ক্ষয়ৰ দ্বাৰা উৎপাদিত স্থলজ হিলিয়াম-৩ আদিম উৎসৰ বৃহৎ বিগ বেঙৰ পৰা সংশ্লেষিত হৈছিল। প্ৰাথমিকভাৱে এইটো গঠনৰ সময়তে পৃথিৱীত অন্তৰ্ভুক্ত হৈছিল। মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ৰ মতে নীহাৰিকা ধূলিকণা আৰু গেছৰ দ্বাৰা তৈয়াৰী। গেছৰ বেছিভাগেই হাইড্ৰ’জেন আৰু হিলিয়াম। একোটা নীহাৰিকাত ধূলিকণা আৰু গেছ দ্ৰুতগতিত বিয়পি পৰে আৰু মাধ্যাকৰ্ষণে ধীৰে ধীৰে ধূলি আৰু গেছৰ গুড়ি একেলগে টানিব পাৰে। তাতেই মাধ্যাকৰ্ষণ শক্তিশালী হয়। এনেদৰেই ক্ৰমশঃ ডাঙৰ হৈ গৈ থাকে ধূলিকণা আৰু গেছৰ প্ৰলেপ। তেতিয়া ইয়াৰ মাজতে নিজস্ব মাধ্যাকৰ্ষণ তৈয়াৰ হয়। পিছত ধীৰে ধীৰে সেই কলি বা মুকুলটোৱেই গৰম হৈ নক্ষত্ৰৰ আকাৰ ল’বলৈ আৰম্ভ কৰে। গৱেষকসকলে প্ৰাথমিক গঠনৰ সময়ৰ হিলিয়ামৰ মডেল তৈয়াৰ কৰিছিল। আদিতে হিলিয়াম গঠন হৈছিল; কিন্তু চন্দ্ৰৰ গঠনৰ পিছতে সেইবোৰ হেৰাই যায়। বিজ্ঞানীসকলে বিশ্বাস কৰে যে, প্ৰায় ৪০০ কোটি বছৰ আগেয়ে পৃথিৱীয়ে নিজৰ আয়তনৰ প্ৰায় এক তৃতীয়াংশ বৃহৎ কোনো বস্তুত খুন্দা মাৰিছিল। সেই সময়তেই এই গ্ৰহৰ মুকুল বা কলিত এটা ফুটা তৈয়াৰ হৈছিল, য’ৰ পৰাই এতিয়া হিলিয়াম নিঃসৰণ হৈছে। বিজ্ঞানীসকলে মন কৰিছে যে, প্ৰতি বছৰ প্ৰায় ২ কিলোগ্ৰাম হিলিয়াম গেছ বিশ্বৰ অভ্যন্তৰৰ পৰা বাহিৰ হৈ গৈছে। পৃথিৱীৰ কেন্দ্ৰৰ অভ্যন্তৰ ভাগত হিলিয়াম-৩ৰ বাবে এটা সম্ভাৱ্য জলাধাৰ তৈয়াৰ কৰাৰ কাৰণে বিশ্বৰ বাবে সেইখিনি কম ক্ষতিকাৰক। বিশ্ব সৃষ্টিৰ সময়ত যিবোৰ তৰল আছিল তাৰ অধিকাংশ এতিয়াপৰ্যন্ত এই গ্ৰহৰ ভিতৰতেই আছে। তথাপি এতিয়াই ইয়াৰ ৰহস্য বাহিৰ কৰাৰ বাবে বিজ্ঞানীসকল প্ৰস্তুত নহয়। তেওঁলোকে সৃষ্টিৰ আদি কথা জানিবৰ বাবে ভূপৃষ্ঠৰ আৰু গভীৰলৈ যোৱাৰ চেষ্টা কৰিছে।