গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ
এইবাৰৰ “অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত আৰু প্ৰয়াত লক্ষীমাই দত্তৰ সুযোগ্য সন্তান মানস প্ৰতিম দত্ত এজন সচেতন পৰিৱেশ কৰ্মী, শিশু সকলৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা, বন সংৰক্ষণ আদি বিষয়ত বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখি আছে। তদুপৰি বিভিন্ন ই-মাধ্যম ফেচবুক, ইউটিউব আদিৰ জৰিয়তে সজাগতা সৃষ্টি কৰা, বিভিন্ন জিলা, আন্তঃৰাষ্ট্ৰীয়, বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ কৰ্মশালাত সমল ব্যক্তি ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছে। গোগামুখৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা “পৰিৱৰ্তন”ৰ উদ্যোগত তথা নবীন চন্দ্ৰ দলে মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অজি এক গাম্ভীৰ্যপূৰ্ণ সভাত দত্তক এই বঁটা প্ৰদান কৰা হয়। গোগামুখৰ উদীয়মান নাট্য কৰ্মী, সংবাদসেৱী, পৰিৱেশ কৰ্মী তথা যুৱ ব্যৱসায়ী প্ৰয়াত অনিৰ্বাণ বৰগোঁহাইৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটাত আছে নগদ পাঁচ হাজাৰ টকা, মানপত্ৰ, শৰাই, চেলেং কাপোৰ, গামোচা, গছৰ পুলি আৰু কিতাপৰ টোপোলা। পৰিৱৰ্তনৰ সঞ্চালক কেশৱ কৃষ্ণ ছত্ৰধৰাৰ নেতৃত্বত অনুষ্ঠিত আজিৰ যুৱ সদনত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰত গৱেষণাৰত প্ৰাগজ্যোতি শইকীয়া, নৰ্থ ইষ্ট য়ুথ ফাউণ্ডেশ্যনৰ ৰঞ্জন বৰুৱা, শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক সনাথ চক্ৰৱৰ্তী, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ঔষধ বিভাগৰ ডাঃ অজয়পিটাৰ তপ্ন, বৰদলনি উন্নয়ন খণ্ডৰ সমল ব্যক্তি প্ৰণতি দেৱী শৰ্মাই। পৰ্যৱেক্ষকৰূপে অংশগ্ৰহণ কৰে নবীন চন্দ্ৰ দলে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, গোগামুখৰ মহাবিদ্যালয় অধ্যক্ষ ড° দীলিপ কুমাৰ ঝা, বেতবাৰী মহাবিদ্যালয় প্ৰৱক্তা মনোজ গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰিয়ৰাম দত্ত আদিয়ে। প্ৰয়াত অনিৰ্বাণ বৰগোঁহাইৰ পৰিবাৰ, লেখিকা গায়ত্ৰী দলেই সভাৰ আঁতধৰোতা ৰূপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে লখিমপুৰ, ধেমাজি, মাজুলী আৰু তিনিচুকীয়া জিলাৰ পৰিসীমা সামৰি এই বঁটা প্ৰদান কৰা হয়।
পূৰ্বৱৰ্তী লেখা