শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : বৰ্তমান ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এই শৰতৰ প্ৰায় প্ৰতিটো বাৰতেই নতুন অভিলেখ গঢ়িছে ভাৰতীয় মুদ্ৰাই। যোৱা সপ্তাহত ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বকালৰ অভিলেখ গঢ়ি ৮২ টকালৈ নামি আহিছিল। যিয়ে বিশেষজ্ঞসকলৰ উদ্বেগ বঢ়াই তুলিছে। কিন্তু ডলাৰৰ বিপৰীতে টকাৰ মূল্য এনেদৰে হ্ৰাস পোৱাৰ পাছতো কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সুৰ বেলেগ। আনকি সেই অৱনতিৰ বাবে ভাৰতৰ অৰ্থনীতি দুৰ্বল হৈ পৰিছে বোলা তত্ত্বটোও তেওঁ মানি ল’বলৈ অস্বীকাৰ কৰে। বৰং এই প্ৰেক্ষাপটত তেওঁ দাবী কৰিছে যে সাম্প্ৰতিক সময়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আন দেশতকৈ বহু উন্নত স্থানত আছে। কিন্তু তেওঁৰ যুক্তিৰ পিছত স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ তুলনাত টকাৰ মূল্য কিয় হ্ৰাস পাইছে? যাৰ উত্তৰ কেন্দ্রীয় বিত্তমন্ত্রীয়ে দিছে৷ তেওঁ স্পষ্টকৈ কয়— “টকাৰ মূল্য কমি যোৱা নাই। বৰঞ্চ ডলাৰৰ মূল্য বাঢ়িছে।” লগতে নিৰ্মলা সীতাৰমণে কয়— “আন দেশৰ তুলনাত আমি উন্নত স্থানত আছোঁ।” তদুপৰি ভাৰতে অতি শীঘ্ৰে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব বুলিও তেওঁ আশাবাদী। মন কৰিবলগীয়া যে বিত্তমন্ত্ৰীগৰাকী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে। এই পৰিস্থিতিত ১৫ অক্টোবৰ শনিবাৰে ৱাশ্বিংটনত এখন সংবাদমেলত তেওঁক টকাৰ মূল্যৰ নিৰন্তৰ হ্ৰাসৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল। যাৰ উত্তৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, ”টকাৰ দাম কমি যোৱা নাই। বৰঞ্চ মাৰ্কিন ডলাৰ শক্তিশালী হৈ আহিছে। লগতে, বিশ্বৰ অন্যান্য মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ অৱস্থা তুলনামূলকভাৱে ভাল।” তেওঁ দাবী কৰে যে মূলতঃ কূটনৈতিক পৰিস্থিতিৰ বাবেই বিশ্বৰ আন দেশৰ মুদ্ৰা দুৰ্বল হৈ পৰিছে। ইয়াৰ উপৰি নিৰ্মলা সীতাৰমনে কয় যে টকাৰ মূল্য হ্ৰাসৰ বাবে ৰিজাৰ্ভ বেংকো সক্ৰিয় হৈ আছে। মন কৰিবলগীয়া যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰিঘটনা, বিশ্বৰ বিত্তীয় মন্দাৱস্থাৰ আশংকা, খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি আৰু বিদেশী বিনিয়োগৰ অপৰ্যাপ্ততাৰ বাবে বিশেষজ্ঞসকলৰ মতে বিশ্ব বজাৰত ধনৰ মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। দেখা গৈছে যে চলিত বৰ্ষত টকাৰ মূল্য প্ৰায় ১০.৬ শতাংশ হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, যোৱা ৮ বছৰত ২৫ শতাংশতকৈয়ো অধিক হ্ৰাস পাইছে টকা। ইফালে আৰ বি আইৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ মূল্য আছিল ৬৩ টকা ৩৩ পইচা। কিন্তু, ২০১৮ চনৰ ৩১ ডিচেম্বৰত সেই মূল্য বৃদ্ধি পাই ৬৯ টকা ৭৯ পইচা হয়। কিন্তু এই পৰিসংখ্যা আগবাঢ়ি অহাৰ পাছতো কেন্দ্রীয় বিত্তমন্ত্রীয়ে আজৱ মন্তব্য দিছে।