শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ মধ্যপ্ৰদেশৰ ভূপালত আজি বিদ্যুৎ গ্ৰাহক সকলৰ প্ৰথম সৰ্বভাৰতীয় দুদিনীয়া সন্মিলন সমাপ্ত হয়। সন্মিলনত জনবিৰোধী বিদ্যুৎ সংশোধনী বিল -২০২২ , প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন , বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণ আদিৰ বিষয়ে বিস্তাৰিত আলোচনা হয় । সন্মিলনৰ পৰা অল ইণ্ডিয়া পাৱাৰ ইঞ্জিনিয়াৰৰ্চ ফেডাৰেচনৰ পৃষ্ঠপোষক কে অশোক ৰাও, ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ই এ এছ শৰ্মা , বিখ্যাত চাৰ্জন উদয় নাৰায়ণ সৰকাৰ , পাঞ্জাব বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা পদমজিৎ সিং, দামোদৰ ভেলী ক’ৰ্পৰেচনৰ প্ৰাক্তন মুখ্য অভিযন্তা এ কে জৈন , অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ অৱসৰপ্ৰাপ্ত ডেপুটী মেনেজাৰ বিমল দাসক উপদেষ্টা আৰু বিশিষ্ট শ্ৰমিক নেতা স্বপন ঘোষক সভাপতি আৰু বেণুগোপাল কে ভাটক সাধাৰণ সম্পাদক হিচাপে লৈ ৪৫ জনীয়া শক্তিশালী কেন্দ্ৰীয় কমিটি গঠন কৰা হয় । বিদ্যুৎ ক্ষেত্ৰত গ্ৰাহক সকলৰ বিভিন্ন সমস্যাক লৈ অহা দিনত দেশব্যাপী শক্তিশালী গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।