শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিদ্যুৎ বিভাগে এই অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিলৰ বাবে এক বিজ্ঞাপন মুকলি কৰিব । যি সকল লোকৰ বিদ্যুৎ বিল বৃদ্ধি পাইছে তেওঁলোকে বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। আনহাতে প্ৰায় ৪০০ লোকৰ মাজত এই বিষয়ে পৰ্যালোচনা কৰাত চৰকাৰে জানিব পাৰে যে যোৱা মাহত প্ৰচুৰ গৰমৰ বাবে অত্যাধিক বিদ্যুৎ ব্যৱহাৰ হোৱাৰ বাবেও এই বিল বৃদ্ধি পাইছে আৰু ইয়াৰ মাজত ৯০ জন লোকৰ বিল অধিক আহিছে আৰু সেয়া বিভাগে গ্ৰাহকৰ মিটাৰ পৰীক্ষা কৰি এই বিল নিৰ্ধাৰিত কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয় । উল্লেখ্যযোগ্য যে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত প্ৰত্যেকলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। তেজপুৰ কলেজিয়েট খেলপথাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রীয়ে এই সাহায্য প্রদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আনহাতে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ২০২২ বৰ্ষত বানপানীয়ে ঘৰ-ভেটি সম্পূৰ্ণৰূপে উছন কৰা হিতাধিকাৰীসকলৰ প্রত্যেককে ১ লাখ টকাকৈ আর্থিক অনুদানৰ চেক প্ৰদান কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনৰ ৩০৮টা পৰিয়ালক ১ লাখ টকাকৈ সাহায্য ৰাজ্যজুৰি অনুষ্ঠিত কাৰ্যসূচীত প্ৰদান কৰা হয় ৷ মুখ্যমন্ত্রীয়ে কেন্দ্রীয়ভাৱে তেজপুৰত আয়োজিত এই অনুষ্ঠানত শোণিতপুৰ জিলাত ৪৪ গৰাকী হিতাধিকাৰীৰ ভিতৰত কেইগৰাকীমান হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক প্রদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
