শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ পৰোৱা চাৰিআলি আৰু কাৱৈমাৰী বজাৰত এছচিয়েছনৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ ‘ সঘনাই বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰক, ইন্ধনৰ মূল্য বৃদ্ধিৰ মিছা অজুহাতত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা নচলিব, বিদ্যুতখন্ডৰ বেচৰকৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক, গ্ৰাহকস্বাৰ্থবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰা নচলিব, সুলভ মূল্যত ৰাইজক বিদ্যুত যোগান ধৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে। পিছত বিক্ষোভ থলীত এছচিয়েছনৰ জিলা নেতৃবৃন্দই কয়, এপিডিচিএলৰ লোকচানৰ কথা কৈ চৰকাৰে বছৰত তিনি চাৰিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক মাধমাৰ শোধাইছে। বিদ্যুতক অত্যাৱশ্যকীয় সেৱাৰ পৰা লাভজনক পণ্যলৈ ৰূপান্তৰিত কৰিছে।নেতৃবৃন্দই চৰকাৰৰ এই লুন্ঠন কাৰ্যৰ বিৰুদ্ধে ৰাইজ ওলাই আহিবলৈ আহ্বান জনায়।