বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আহ্বান

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল নিৰ্ধাৰণ সম্পৰ্কে বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনৰ উপদেষ্টা বিমল দাস আৰু আহ্বায়ক অজয় আচাৰ্যই আজি এক যুটীয়া বিবৃতিত কয় যে, অহা বিত্তীয় বৰ্ষৰ বাবে বিদ্যুৎ গ্ৰাহকৰ ইউনিট প্ৰতি বিদ্যুতৰ মাচুল প্ৰায় এটকাকৈ বৃদ্ধি কৰাৰ এপিডিচিএলৰ আবেদন বিদ্যুৎ নিয়ামক আয়োগে নাকচ কৰিছে।নিয়ামক আয়োগে বিদ্যুৎ গ্ৰাহকৰ ফিক্সদ চাৰ্জ প্ৰতি কিলোৱাটত দহ টকাকৈ বৃদ্ধি কৰিছে যদিও বৰ্তমানে বাহাল থকা প্ৰতি ইউনিট বিদ্যুৎ মাচুলৰ নিৰিখ শ্ৰেণী অনুসাৰে ক্ৰমে ১০ বা ২০ পইচাকৈ কমোৱাৰ নিৰ্দেশ জাৰি কৰিছে৷ দীৰ্ঘদিন ধৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভ-বিক্ষোভ আৰু গ্ৰাহক আন্দোলনৰ প্ৰভাবে স্পষ্টভাৱে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰকাশিত বিবৃতিটোত আৰু উল্লেখ কৰা হয় যে,অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে সঘনাই বিদ্যুত মাচুল বৃদ্ধিৰ ধাৰাবাহিক বিৰোধিতা কৰি আহিছে আৰু যোৱা ২৮ ফেব্ৰুৱাৰীত নিয়ামক আয়োগৰ দ্বাৰা আয়োজিত ৰাজহুৱা শুনানীত এপিডিচিএলৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰুদ্ধে বলিষ্ঠ যুক্তি দাঙি ধৰি অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাচুল যাতে কোনোপধ্যেই বৃদ্ধি কৰা নহয় তাৰ বাবে আয়োগক আহ্বান জনাইছিল৷বিবৃতিটোত আৰু কোৱা হয় যে, সৰ্বস্তৰৰ গ্ৰাহকৰ ঐক্যবদ্ধ সচেতন আন্দোলনেই গ্ৰাহকস্বাৰ্থ ৰক্ষা কৰিব পাৰে।অহাদিনতো বিদ্যুৎ গ্ৰাহকসকল ঐক্যবদ্ধ ভাবে আগুৱাই আহিবলৈ বিবৃতিটোত আহ্বান জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.