শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : যদি কেতিয়াবা ভয়ঙ্কৰ গৰম তেন্তে কেতিয়াবা খুব ঠাণ্ডা। আকৌ বৰষুণ দিলেও দিয়ে অবিৰাম। পৰিৱেশৰ এই উঠা-নমা কিছু বছৰ ধৰি দেখা গৈছে। এনে হ’ব বুলি অৱশ্যে আগতেই আশঙ্কা প্রকাশ কৰিছিল পৰিৱেশবিদসকলে। বিশ্ব উষ্ণায়নে যিবোৰ সমস্যাত পেলাব পাৰে বিশ্ববাসীক তাৰ সতর্কবার্তাও দিছিল। এইবাৰ সেই একেই সতর্কবার্তা দিলে ৱৰ্ল্ড মেটিঅ’ৰ’ল’জিকেল অর্গেনাইজেচনে (WMO)। যোৱা ৯ মে’ত সংস্থাটোৱে সতর্ক কৰিছে যে, আগন্তুক ৫ বছৰত বার্ষিক গড় বৈশ্বিক তাপমাত্রা সাময়িকভাৱে ১.৫ ডিগ্রী চেলচিয়াছত উপনীত হোৱাৰ ‘৫০:৫০ সম্ভাৱনা’ আছে। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু জলবায়ু বিষয়ক সংস্থাক দাখিল কৰা নতুন জলবায়ু আপডেটত WMO-এ কৈছে যে, ২০২২-২০২৬-ৰ ভিতৰত অন্ততঃ এবছৰ সকলোতকৈ উষ্ণ হোৱাৰ সম্ভাৱনা আছে প্রায় ৯৩ শতাংশ। ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ১০ শতাংশ তাপমাত্রা বৃদ্ধিৰ সম্ভাৱনা আছিল। এইবাৰ সেই সম্ভাৱনা প্রায় ৫০ শতাংশ বাঢ়িল আগন্তুক ২০২২-২০২৬ বর্ষত। এনেকৈয়ছে জনাইছে বিশ্ব বতৰ সংস্থাই। WMOৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ তাপমাত্রা গড়ে ১.১ ডিগ্রী ছেলচিয়াছ বৃদ্ধি পাইছে।