বিল গেটছক পিছ পেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি গৌতম আদানী! পিছুৱালে আম্বানী

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : আকৌ বিশ্বৰ ধনী লোকৰ তালিকাত এক বৃহৎ পৰিৱৰ্তন হৈছে। আৰু সেই পৰিৱৰ্তন কৰিছে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ফৰ্বছ বিলিয়নাৰছ ইনডেক্সৰ মতে, বৰ্তমান মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছক পিছ পেলাই গৌতম আদানী বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। পৰিসংখ্যা অনুসৰি এতিয়া আদানীৰ মুঠ সম্পত্তি ১১৩ বিলিয়ন ডলাৰ হৈছেগৈ। আনহাতে, বিল গেটছে ১০২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে এই তালিকাত পঞ্চম স্থান দখল কৰিছে। ফৰ্বছ বিলিয়নাৰ ইনডেক্সৰ মতে মুঠ সম্পদৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ মাত্ৰ তিনিজন লোকহে আদানীৰ আগত আছে। এই তালিকাৰ শীৰ্ষত আছে টেছলাৰ প্ৰতিষ্ঠাপক এলন মাস্ক। তেওঁৰ সম্পত্তি ২২৯ বিলিয়ন ডলাৰ। লগতে এই তালিকাত দুই নম্বৰত আছে বাৰ্নাৰ্ড আৰ্নল্ট আৰু তেওঁৰ পৰিয়াল। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৪৫ বিলিয়ন ডলাৰ। তৃতীয় স্থানত আছে আমেৰিকাৰ ই-কমাৰ্চ কোম্পানী এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ। বেজোছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩৬ বিলিয়ন ডলাৰ। ভাৰতৰ আন এজন বিখ্যাত কোটিপতি মুকেশ আম্বানীয়ে দীৰ্ঘদিন ধৰি এছিয়াৰ লগতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ দখল কৰি আহিছিল। অৱশ্যে মুঠ সম্পত্তিৰ ক্ষেত্রত আম্বানী সম্প্ৰতি আদানীৰ পৰা পিছ পৰিছে। এই প্ৰেক্ষাপটত ফৰ্বছ বিলিয়নাৰ ইনডেক্সৰ মতে, আম্বানী আৰু আদানিৰ মাজৰ ব্যৱধান ২৬ বিলিয়ন ডলাৰতকৈও অধিকলৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে আম্বানীৰ মুঠ সম্পত্তি ৮৭ বিলিয়ন ডলাৰ। তদুপৰি তেওঁ বৰ্তমান ধনী লোকৰ তালিকাত দশম স্থানত আছে। পৰিসংখ্যা অনুসৰি সম্পদ বৃদ্ধিৰ ক্ষেত্ৰত বৰ্তমান শীৰ্ষত আছে গৌতম আদানী। খবৰ অনুসৰি ২০২২ চনত তেওঁৰ সম্পদ বৃদ্ধি পাই প্ৰায় ২৩ বিলিয়ন ডলাৰ হৈছে। এনেধৰণৰ ধন-সম্পত্তি বৃদ্ধি পৃথিৱীৰ আন কোনো কোটিপতিৰ ক্ষেত্ৰতে হোৱা নাই। কেৱল সেয়াই নহয়, ২০২১ আৰু ২০২০ চনত আদানীৰ সম্পত্তি বৃদ্ধি পায় প্ৰায় ৪০ বিলিয়ন ডলাৰ হয়। গৌতম আদানীৰ সম্পদ বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আদানি গ্ৰুপৰ শ্বেয়াৰৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি হোৱাটো। কাৰণ, যোৱা দুবছৰত আদানি গ্ৰুপৰ শ্বেয়াৰৰ মূল্য বহুগুণে বৃদ্ধি পাইছে। আৰু তাৰ ওপৰত ভিত্তি কৰি আদানীৰ মুঠ সম্পত্তিও বৃদ্ধি পাইছে।
মন্তব্য দিয়ক

Your email address will not be published.