বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান

0 30
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ আৰু নাই। শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। নিমোনিয়া ৰোগত আক্ৰান্ত হৈছিল অভিনেতাগৰাকী। ডাঃ বেজবৰুৱা, খোজ, লাচিত বৰফুকন, বহাগৰ দুপৰীয়া, মন মন্দিৰ আদি বহু কেইখন ছবিত তেওঁ অভিনয় কৰিছিল। তেওঁ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। শিৱসাগৰত ১৯৪০ চনত জন্মগ্ৰহণ কৰা সাধন হাজৰিকাই ১৯৭৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত বি বৰুৱা কলেজত অধ্যয়ন কৰিছিল। মঞ্চ অভিনয়ৰ প্ৰতি দুৰ্বলতা থকা বাবে তেওঁ নাটকত অভিনয় কৰাৰ সুযোগ লাভ কৰে আৰু “প্ৰগতি শিল্পী সংঘ” আৰু “শৌভিক” নাট্যগোষ্ঠীৰ লগত জড়িত হয়। ইয়াৰ পিছতেই ১৯৫৫ চনত গুৱাহাটীৰ উপৰি নগাঁও, তেজপুৰত আদি বিভিন্ন ঠাইত অসমৰ স্বনামধন্য নাট্যকাৰ সকলৰ সৈতে সাধন হাজৰিকাই অভিনয় কৰিছিল। অতুল চন্দ্ৰ হাজৰিকা, প্ৰবীণ ফুকন, যুগল দাস, লক্ষ্যধৰ চৌধুৰী, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, সত্যপ্ৰসাদ বৰুৱা, প্ৰফুল্ল বৰুৱা আৰু উত্তম বৰুৱা ৰচিত নাট ক্ৰমে লাচিত বৰফুকন, পিয়লি ফুকন, মণিৰাম দেৱান, ঠিকনা, সূৰ্যস্নান, দুঃশাসন, মৃণালমাহী, শ্বাশ্বতী-ভাশ্বতী, জুয়ে পোৰা সোণ, পুৰুষ, অথেলো, বায়নৰ খোল, ছাহজাহান, মৃত্যুঞ্জয়, চতুৰংগ, উত্তৰ শূন্য, কাৰেঙৰ লিগিৰি আদি বিভিন্ন নাটত তেওঁ অভিনয় কৰিছিল। প্ৰত্যেকখন নাটকত অভিনয় কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা সাধন হাজৰিকাই কেইবাখনো একাংক নাটতো অভিনয় কৰিছিল। পিছলৈ “প্ৰগতি শিল্পী সংঘ” ৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব লোৱা অভিনেতাগৰাকীয়ে “প্ৰগতি শিল্পী সংঘ” নিবেদিত “গোমধৰ কোঁৱৰ” নাটখনো পৰিচালনা কৰিছিল। ১৯৬০ চনৰ পৰা তেওঁ গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ এজন প্ৰতিষ্ঠিত নিয়মীয়া নাট বিভাগৰ শিল্পী ৰূপেও অংশ গ্ৰহণ কৰিছিল। সাধন হাজৰিকাই ছবিত প্ৰথম খোজ দিয়ে অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবি ‘ড° বেজবৰুৱা’ৰ যোগেদি। ইয়াৰ লগতে প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী পৰিচালিত ‘লাচিত বৰফুকন’ত সাধন হাজৰিকাই সংলাপ বিহীন এটা চৰিত্ৰ ৰূপায়ন কৰিছিল। কাঁচঘৰ, খোজ, সেন্দুৰ, সুৰুয, পিতা-পুত্ৰ, প্ৰভাতী পখীৰ গান, মন মন্দিৰ, প্ৰতিমা আদিৰ দৰে জনপ্ৰিয় কেইবাখনো ছবিত অভিনয় কৰা সাধন হাজৰিকাই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল। চাৰুকমল হাজৰিকাৰ হিন্দী টেলিফিল্ম “দূৰ নহী সবেৰা”ৰ উপৰি আব্দুল মজিদ পৰিচালিত টেলিফিল্ম “আজান ফকীৰ” আৰু চন্দ্ৰ নাৰায়ণ বৰুৱাৰ “গ্ৰহণান্ত” নামৰ টেলিফিল্মত সাধন হাজৰিকাই অভিনয় কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.