বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিচ্ছবিলৈ তিনিজন ভাৰতীয়ৰ অৰিহণা

0 28
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে লৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰ ফটো। নাছাই তাৰেই কেইখনমান ফটো প্ৰকাশ কৰে। লগতে কোৱা হৈছে যে, এই চিত্ৰগ্ৰহণত ভাৰতীয় মূলৰ তিনিজন আমেৰিকান লোকৰ ভূমিকা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মতে, “এই ফটোবোৰে বিশ্বক পুনৰ সোঁৱৰাই দিব যে আমেৰিকাই মহান কাম কৰিব পাৰে।” আনহাতে নাছাৰ জেমচ ৱেব স্পেচ টেলিস্কোপৰ উপ-প্ৰকল্প বিজ্ঞানী হাছিমা হাছানে কয়— “আমাৰ পৰৱৰ্তী প্ৰজন্মক পতিয়ন নিয়াবলৈ যে আমাৰ শক্তিৰ বাহিৰত একোৱেই নহয়। আমি য’ত আগতে কোনো যোৱা নাই তালৈ যাব পাৰোঁ।” উল্লেখ্য যে হাছিমা হাছানৰ জন্ম হৈছিল লক্ষ্ণৌত। আনহাতে টেলিস্কোপটোৰ ‘মিড ইনফ্ৰাৰেড ইনষ্ট্ৰুমেণ্ট’ৰ দায়িত্বত আছে কল্যাণী সুখাতমে। তেওঁ মুম্বাইত ডাঙৰ-দীঘল হৈছিল। ইফালে প্ৰগ্ৰেম বিজ্ঞানী কাৰ্তিক শেঠো এই টেলিস্কোপৰ সৈতে জড়িত।
মন্তব্য দিয়ক

Your email address will not be published.