বিশ্বৰ প্রথমখন ভাসমান চহৰ…

২০২৫ চনত পানীৰ ওপৰত চহৰখন সম্পূৰ্ণ হব

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ মে’ : বিশ্বৰ প্রথমখন ভাসমান চহৰ। অর্থাৎ এই চহৰ ভাঁহি থাকিব পানীৰ ওপৰত ! অবাক লাগিলেও একেবাৰে সত্য। দক্ষিণ কোৰিয়াৰ বুচানত এই চহৰ নির্মাণৰ কাম আৰম্ভ হে হৈছে। কিন্তু কিয় হঠাৎ এনে এখন চহৰৰ পৰিকল্পনা কৰা হ’ল? আচলতে বিশ্বত এতিয়া মাটিৰ নাটনি। মুঠ ভূমিৰ পৰিমাণ নির্দিষ্ট; কিন্তু জনসংখ্যা দিনে দিনে বাঢ়িছে। আনহাতে জলবায়ু পৰিৱর্তনৰ ফলত নানা সঙ্কটৰ মুখামুখি হৈছে জনপদ। সেয়ে পানীৰ ওপৰত চহৰ গঢ়াৰ এই পৰিকল্পনা। এই প্রকল্পৰ নাম ৰখা হৈছে ‘অচেনিক্স’ (Oceanix )। ২০২৫ চনত এই চহৰ বাসোপযোগী হৈ উঠিব। এই চহৰ নির্মাণত খৰচ হ’ব ২০০ মিলিয়ন ডলাৰ। ১৫.৫ একৰৰ সমান ক্ষেত্রফল হ’ব এই চহৰৰ। এই ভাসমান চহৰত অট্টালিকাৰ উচ্চতা অৱশ্যেই কম ৰখা হ’ব। অট্টালিকাবোৰ কোনো কাৰণতেই সাত মহলাতকৈ বেছি ওখকৈ নির্মাণ কৰা নহ’ব। কাৰণ বেছি ওখ অট্টালিকাত বতাহৰ বাবে সমস্যা হ’ব পাৰে। জানিব পৰা গৈছে যে, আসন্ন এই অভিনৱ চহৰখনৰ সকলো নির্মাণ কৰা হ’ব চূণশিলাৰে। ভৱিষ্যতে এই চহৰত এক লাখ লোক বাস কৰিব পাৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে আপাতত ১২ হাজাৰ মানুহ এই চহৰত আৰম্ভণিতে বাস কৰিব পাৰিব বুলি মোটামুটি পৰিকল্পনা কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.