উত্তৰ লখিমপুৰ, ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানে পৰিয়াল পৰিকল্পনা প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা সাৰথি বাহনখন সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰে ।
উক্ত অনুষ্ঠানত মন্তব্য ৰাখি জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰাই কয় যে যোৱা বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ২৭ জুন তাৰিখৰ পৰা ১০ জুলাই তাৰিখলৈ দম্পত্তি সম্পৰ্ক পষেক পালন কৰা হল আৰু ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ জনসংখ্যা স্থবিৰতা পষেক পালন কৰা হব । দম্পত্তি সম্পৰ্ক পষেকৰ অধীনত যোগ্য দম্পত্তি সমূহক স্বাস্থ্যখণ্ডত তালিকাভুক্ত কৰা হয় তদুপৰি স্বাস্থ্যকেন্দ্ৰ সমূহত শাহু বোৱাৰী সন্মিলন অনুষ্ঠিত কৰি পৰিয়াল পৰিকল্পনা ওপৰত যেনে জন্ম নিয়ন্ত্ৰণ পদ্ধতি, সন্তান জন্মৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান, দুটা সন্তান জন্মৰ পিছত স্থায়ী পদ্ধতিৰ অবলম্বন আদি সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় । জনসংখ্যা স্থবিৰতা পষেকৰ অধীনত স্বাস্থ্য কেন্দ্ৰত উপলব্ধ অস্থায়ী জন্মনিয়ন্ত্ৰণ পদ্ধতি সমূহ স্বাস্থ্যকৰ্মীৰ জৰিয়তে সমাজত উপলব্ধ কৰোৱা, দীৰ্ঘদিনীয়া জন্মনিয়ন্ত্ৰক পদ্ধতি যেনে আই.ইউ. চি.ডি , অন্তৰা গৰ্ভনিৰোধক বেজী আদিৰ প্ৰচাৰ আৰু প্ৰদান কার্যসূচী , স্থায়ী জন্ম নিয়ন্ত্ৰক পদ্ধতিসমূহ যেনে প্ৰচাৰ কৰাৰ লগতে জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ সমূহত শিবিৰ অনুষ্ঠিত কৰা হব ।
সাৰথি বাহন মুকলি অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ মনোজ কুমাৰ দাস, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যান) ডাক্তৰ জগদীশ গোস্বামী, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাক্তৰ কুইন বৰুৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক গোটৰ বিষয়া, এএনএম আৰু আশাকৰ্মী সকল ।
উল্লেখ্য যে এইবাৰৰ বিশ্ব জনসংখ্যা দিৱসৰ অসমৰ শ্লোগান হৈছে “পৰিয়াল পৰিকল্পনাৰ গ্ৰহণ কৰক উপায় গঢ়ি তোলক সুখী জীৱনৰ এটি নব অধ্যায় ।”
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা