বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা“ সম্পন্ন

0 51
শতাব্দ প্ৰতিনিধি, যোৰহাট , ৫ জুনঃ  অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এটি স্থায়ী ফুলৰ পুলি ৰোপনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰা, সাংগঠনিক সম্পাদক ক্ষীৰোদ দাস, নীৰদা  গগৈ বৰা, মিতালী শইকীয়া, মৃণালিনী গোস্বামী, বাবুলাল গগৰ, যুগলকিশোৰ আগৰৱালা, দীপক শইকীয়া, উত্তম হাজৰিকা, মৌচুমী মহন্ত, সুদীপ্তনয়ন গোস্বামী, পলি বৰবৰুৱা, দীপালি গগৈ বৰুৱা, ড° অঞ্জুমণি শইকীয়া, আৰেছা বেগম, অঞ্জুমা হাজৰিকা, স্নেহাজোনাক দত্ত, গাৰ্গী ভূঞা শইকীয়া, জুলি বৰুৱা, দীপ্তি বুঢ়াগোহাঁই, নিআৰা লাহন, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত কুমাৰ দাস, প্ৰকাশনৰ সহযোগী আহ্বায়ক চিৰঞ্জীৱ বৰুৱা, অতনু গোস্বামী, শিৱসাগৰৰ বিৰিঞ্চি গোহাঁই আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীসকলে একোটাকৈ গছ পুলি ৰোপণ কৰে। ইয়াৰ পাছত যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই আঁতধৰা এটি বৰ্ণাঢ্য অনুষ্ঠানত ৰোপকসকলে গীত, কবিতা পৰিৱেশন কৰি চন্দ্ৰকান্ত সন্দিৰৈ ভৱন জীপাল কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.