বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন

0 122

লখিমপুৰ, ১৭ আগষ্ট: অহা ১৯ আগষ্টত সমগ্ৰ পৃথিৱীজুৰি উদযাপিত হব বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোত লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা এক ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ মূল বিষয়বস্তু হৈছে- “দৈনন্দিন জীৱনত বিজ্ঞানৰ ব্যৱহাৰ'”। লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জিলা সহকাৰী আয়ুক্ত আৰজিত মহাজনে এক নিৰ্দেশ যোগে জানিবলৈ দিয়া অনুসৰি, ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা বিজয়ী প্ৰতিযোগী কেইগৰাকীযে যথাক্ৰমে পোন্ধৰ শ, এহেজাৰ আৰু পাঁচ শ টকাৰ পুৰস্কাৰ লাভ কৰিব। আনহাতে চেল্ফি প্ৰতিযোগিতাৰ প্ৰতিজন বিজয়ী প্রতিযোগীয়ে পাঁচ শ টকাৰ পুৰস্কাৰ লাভ কৰিব। তদুপৰি বিজয়ী প্রতিযোগীসকলৰ লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ বিনামূলীয়াকৈ দৰ্শন কৰাৰ সুযোগো পুৰস্কাৰ হিচাপে আগবঢ়োৱা হব। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি সফল কৰি তুলিবলৈ লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীৰ লগতে জিলা প্ৰশাসনে লখিমপুৰবাসী ৰাইজক আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.