বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন

0 44

উত্তৰ লখিমপুৰঃ ১৫ জুনঃ বয়োজ্যেষ্ঠ লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনাই আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ যৌন নিৰ্যাতন বিৰোধী কোষৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হৈছিল য’ত সভাপতিত্ব কৰিছিল উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কোষৰ আহ্বায়ক মহেশ ভগৱতীয়ে। মহাবিদ্যালয়খনৰ ইংৰাজীৰ বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে সভাত অংশগ্ৰহণ কৰে। হুছেইনে তেওঁৰ ভাষণত চলিত দশকত বয়োজ্যেষ্ঠ সকলৰ যত্নৰ ওপৰত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ বিষয়ত আলোকপাত কৰে। সভাত অৰ্থনীতি বিভাগৰ ড° শিখামণি বৰগোহাঞিয়েও ভাষণ দিয়ে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ যৌন নিৰ্যাতন বিৰোধী কোষৰ সদস্য বহ্নিশিখা বৰদলৈয়ে শলাগৰ শৰাই জ্ঞাপনেৰে সভাৰ সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.