শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪জুলাই: গ্ৰীছৰ পৰা ভাৰ্ছুৱেলী পৰিচালিত বিশ্ব যোগাসন ক্ৰীড়া চেম্পিয়ন ২০২২ত তেজপুৰ কুন্দৰাবাৰীৰ ডিম্পল কলিতাই চাব জুনিয়ৰ শাখাৰ পৰম্পৰাগত একক বিভাগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা পহিলা জুলাইত সন্ধিয়া অনলাইন যোগে ফলাফল লাভ কৰে ডিম্পলে। তেওঁৰ এই সাফল্যত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে। উল্লেখ্য যে চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল। তেজপুৰ কুন্দৰাবাৰীৰ হিৰণ্য কলিতা আৰু কল্পনা কলিতাৰ দ্বিতীয় কন্যা ডিম্পলে ২০২১ৰ ১৭ডিচেম্বৰৰ পৰা ১৯ডিচেম্বৰলৈ গুজৰাটৰ লাকুলিছ যোগ বিশ্ববিদ্যালয়ত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া ফেডাৰেছনে অনুষ্ঠিত কৰা দ্বিতীয় ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপতো চাব জুনিয়ৰ শাখাৰ আৰ্টিষ্টিক শ্ৰেণীত সোণৰ পদক লাভ কৰিছিল।প্ৰতিভাশালী ডিম্পলে এইক্ষেত্ৰত নিয়মীয়াকৈ অনুশীলন চলাই গৈছে।