বিষ্ণু ৰাভা বঁটাকে ধৰি একাধিক চৰকাৰী বঁটাৰ প্ৰাপকৰ নাম ঘোষণা

1 140

‘বিষ্ণু ৰাভা বঁটা’ প্ৰাপক নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ঘোষণা কৰা হৈছে বিষ্ণু ৰাভা বঁটা প্ৰাপকৰ নাম। আজি দিছপুৰৰ মন্ত্রী আৱাসত আয়োজন কৰা এখন সংবাদমেলত বঁটাপ্ৰাপক সকলৰ নাম ঘোষণা কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই। সেই অনুসৰি নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈলৈ আগবঢ়োৱা হৈছে ‘বিষ্ণু ৰাভা বঁটা’। আনহাতে নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ডঃ অনুংলা আয়াৰলৈ আগবঢ়োৱা হৈছে ‘কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা’। গৱেষক-পণ্ডিত ডঃ নৰেন কলিতালৈ আগবঢ়োৱা হৈছে ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’। সেইদৰে লোকতত্ত্ববিদ ডঃ অমলেন্দু ভট্টাচাৰ্যলৈ ‘আজান পীৰ ৰাষ্ট্ৰীয় বঁটা’ আগবঢ়োৱা হৈছে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ আগবঢ়োৱা হৈছে ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা’। লেখিকা ইলা বৰগোহাঁইলৈ ‘অমলপ্ৰভা দাস বঁটা’ আগবঢ়োৱা হৈছে। আনহাতে লীলাৱতী কুশ্ৰেলৈ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’ আৰু ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ‘মামণি ৰয়ছম গোস্বামী বঁটা’ আগবঢ়োৱা হৈছে। সাহিত্যিক ছবিলাল উপাধ্যায়লৈ আগবঢ়োৱা হৈছে ‘চৈয়দ আব্দুল মালিক বঁটা’। অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ ‘আহমদ আলী বাঁশকান্দি বঁটা’ আগবঢ়োৱা হৈছে। সেইদৰে কবি বংশী বৰালৈ ‘গণেশ গগৈ বঁটা’ আৰু সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’ আগবঢ়োৱা হৈছে। নৃত্য-শিল্পী ননী বৰুৱালৈ আগবঢ়োৱা হৈছে ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’। উল্লেখ যে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত চৰকাৰীভাৱে বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু ৰবীন্দ্ৰ ভৱনত পানী সোমোৱাৰ বাবে অনুষ্ঠানটো স্থানান্তৰিত কৰা হয়। ৰবীন্দ্ৰ ভৱনৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত হ’ব বিষ্ণু ৰাভা দিৱস। ২০ জুনৰ বিয়লি ৫.৩০ বজাত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বঁটাসমূহ প্ৰদান কৰিব।

১ টা মন্তব্য
  1. মৃদুল চেতিয়া says

    শতাব্দলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মন্তব্য দিয়ক

Your email address will not be published.