বিষৰ দাম কোটি কোটি টকাঃ ২০ হাজাৰ বৃশ্চিক পালন কৰি ধনী হৈছে কৃষক

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : তেওঁ এজন খেতিয়ক, কিন্তু শস্য নহয়, হাজাৰ হাজাৰ বৃশ্চিকৰ খেতি কৰে! সেই বৃশ্চিকৰ বিষ বিভিন্ন প্ৰসাধন আৰু ড্ৰাগছ প্ৰস্তুত কৰা কোম্পানীক বিক্ৰী কৰি তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে। অদ্ভুত যেন লাগিলেও তুৰ্কীৰ এজন কৃষক অৰেনলাৰে এনে এক কাৰ্য কৰি আহিছে। স্থানীয় বাতৰি কাকতৰ খবৰ অনুসৰি কৃষকজনে নিজৰ ফাৰ্ম হাউচত এণ্ড্ৰক্টনাছ টাৰ্কেন্সিছ প্ৰজাতিৰ প্ৰায় ২০ হাজাৰ বৃশ্চিক ৰাখিছিল। এইবোৰ স্বচ্ছ বাকচৰ ভিতৰত ৰাখিব লাগে। অৰেনলাৰে দাবী কৰিছে যে প্ৰতিটো বৃশ্চিকত প্ৰতিদিনে প্ৰায় ২ মিলিগ্ৰাম বিষ থাকে। ভাৰতীয় মুদ্ৰাত তুৰ্কীৰ বজাৰত এক লিটাৰ বিষৰ দাম প্ৰায় ৮০ কোটি টকা। অৰেনলাৰে কয় যে তেওঁলোকে পোনপটীয়াকৈ বিষ বিক্ৰী নকৰে। সংগ্ৰহৰ পিছত প্ৰক্ৰিয়াকৰণ কৰা হয়। প্ৰথমে বিষবোৰ ফ্ৰীজত ৰখা হয়। ইয়াৰ পিছতে জমা হোৱা বিষবোৰ গুড়ি কৰি ইউৰোপৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়। বিতৰ্কৰ মাজতো একাংশ বিশেষজ্ঞই দাবী কৰে যে বিভিন্ন প্ৰসাধন সামগ্ৰী আৰু ঔষধ কোম্পানীয়ে ব্যৱহাৰ কৰা এই প্ৰজাতিৰ বৃশ্চিকৰ বিষত বিভিন্ন ধৰণৰ প্ৰটিন আৰু পেপটাইড পোৱা যায়।

মন্তব্য দিয়ক

Your email address will not be published.