বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ গৰিহণা শিক্ষক গোটৰ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি চলাই অহা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবীত চলাই অহা আন্দোলনে আজি ২১ দিনত ভৰি দিলেহি যদিও বৰ্তমানলৈকে কোনোধৰণৰ সমাধান-সূত্ৰ ওলোৱা পৰিলক্ষিত হোৱা নাই ৷ শিক্ষক গোটে যোৱা ১৫মেত অনুষ্ঠিত হোৱা শিক্ষক গোট আৰু পৰিচালনা সমিতিৰ যুটীয়া বৈঠকত গৃহীত প্ৰস্তাৱটোৰ জৰিয়তে মহাবিদ্যালয়খনত অধ্যক্ষই সংঘটিত কৰি অহা অনিয়ম সমূহৰ এটি তদন্ত উচ্চ শিক্ষাধিকৰ্তাৰ দ্বাৰা হোৱাটো বিচাৰিছিল যদিও শেষ মুহূৰ্তত উক্ত প্ৰস্তাৱ পৰিচালনা সমিতিয়ে উচ্চ শিক্ষাধিকৰ্তালৈ নপঠাই নিজাববীয়াকৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত কৰে ৷ শিক্ষক গোটে উক্ত প্ৰস্তাৱটো প্ৰস্তুত কৰাৰ সময়ত পৰিচালনা সমিতিৰ শিক্ষক সদস্য দুগৰাকী উপস্থিত থকাকে ধৰি কেইটামান পৰামৰ্শ আগ বঢ়াইছিল যদিও শিক্ষক গোটৰ প্ৰতিটো পৰামৰ্শকে অগ্ৰাহ্য কৰে ৷ বিশেষকৈ The Assam Provincialised Colleges Management Rules 2001 ৰ ৮ নং অনুচ্ছেদত এই কথা স্পষ্টকৈ উল্লেখ আছে যে অভিযুক্ত গৰাকী সেই অভিযোগ সম্পৰ্কে আলোচনা কৰিবলগীয়া সভাত উপস্থিত থাকিব নোৱাৰিব ৷ কিন্তু অধ্যক্ষ গৰাকী অভিযুক্ত হোৱা সত্বেও এই সম্পৰ্কীয় আলোচনাৰ প্ৰতিখন সভাতে তেখেত উপস্থিত থকাই নহয়, তেখেতৰ অপকৰ্ম সম্পৰ্কে উচ্চ শিক্ষাধিকৰ্তালৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ সময়তো তেখেতক পৰিচালনা সমিতিখনে লগত লৈহে প্ৰস্তাৱটো প্ৰস্তুত কৰিছে ৷ মহাবিদ্যালয়ৰ শিক্ষক গোটে পৰিচালনা সমিতিখনৰ এই প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু অহা ১ জুনৰ পৰা আন্দোলন তীব্ৰতৰ ৰূপত গঢ়ি তুলিবলৈ আজি ৩১ মে তাৰিখৰ সভাই সিদ্ধান্ত লৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.