শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে উত্থাপন কৰা দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকৰ আন্দোলন অব্যাহত আছে যদিও যোৱা ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনোৱাত ১৮ মেত তাৰিখলৈকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে ৷ উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে অধ্যক্ষলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপি গ্ৰহণ কৰাৰ দুসপ্তাহ উকলি যোৱাৰ পাছতো শিক্ষকগোটৰ সমস্যাসমূহৰ বুজ ল’বলৈ যত্ন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰা বুলি অভিযোগ উঠিছে৷ শিক্ষকগোটে উপায়ন্তৰ হৈ অধ্যক্ষৰ বিৰুদ্ধে যোৱা ১১মেৰ পৰা অৱস্থান ধৰ্মঘট পালন কৰে যদিও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে শিক্ষকগোটক অভব্য আচৰণেৰে আন্দোলনটো নস্যাৎ কৰিবলৈহে যত্ন কৰে ৷ যোৱা ১৫মেত সভাপতিগৰাকীয়ে পৰিচালনা সমিতি আৰু শিক্ষকগোটৰ যুটীয়া বৈঠক আহ্বান কৰে আৰু উক্ত সভাতো পৰিচালনা সমিতিৰ সদস্যসকলে সভাপতিৰ নেতৃত্বত অধ্যক্ষগৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰে ৷ যুটীয়া বৈঠকত সৰ্বসন্মতভাৱে শিক্ষকগোটৰ দাবীসমূহৰ সুবিচাৰৰ বাবে অসমৰ উচ্চশিক্ষাধিকৰ্তা মহোদয়ৰ হস্তক্ষেপ বিচাৰি এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয় যদিও শেষমুহূৰ্তত উক্ত প্ৰস্তাৱ উচ্চশিক্ষাধিকৰ্তালৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰি নিজাববীয়াকৈহে প্ৰেৰণ কৰিব বুলি শিক্ষকগোটক জনায়। যিটো কথা শিক্ষকগোটে মানি লোৱা নাই ৷ সম্প্ৰতি বিহপুৰীয়া মহাবিদ্যালয় শিক্ষকগোটে পৰিচালনা সমিতিৰ হ’বলগীয়া ১৮মেৰ তাৰিখৰ সভাৰ সিদ্ধান্তলৈ অপেক্ষা কৰি উক্তদিনালৈকে আন্দোলন স্থগিত ৰাখিছে ৷ পৰিচালনা সমিতিৰ উক্ত বৈঠকেও যদি শিক্ষকগোটৰ স্বাৰ্থৰ বিপৰীতে কেৱল অধ্যক্ষৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে সিদ্ধান্ত লয়,তেন্তে শিক্ষকগোটে তীব্ৰ ৰূপত আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিছে ৷