বিহালীৰ প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ নতুন সমিতি গঠন

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১ জানুৱাৰী : আজি দিনযোৰা
কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হয়। বিহালী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে দীপক শৰ্মাই আৰু অনুষ্ঠানটিৰ আঁ‌ত ধৰে পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাসে। বিহালী প্ৰেছ ক্লাৱৰ পুৰণি সমিতিখনৰ দুবছৰীয়া ম্যাদ উকলি যোৱাত, প্ৰতিনিধি সভাই এখন নতুন সমিতি গঠন কৰে ৷ বিহালীৰ বেদেতী-অমিয় ভৱনত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাৰ আঁ‌ত ধৰে সম্পাদক খগেন মটকে । লগতে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত সদস্যসকলৰ প্ৰস্তাৱ ও সমৰ্থনমৰ্মে জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাক সভাপতি আৰু শ্ৰীমন্ত দাসক সম্পাদক হিচাপে লৈ বিহালী প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয় ৷ ১১ জনীয়া সদস্যৰে দুবছৰীয়া কাৰ্যকালৰ বাবে গঠিত বিহালী প্ৰেছ ক্লাৱৰ নতুন সমিতিখনত উপসভাপতি হিচাপে খগেন মটক আৰু মহেন্দ্ৰ প’গাগক সহকাৰী সম্পাদক, অম্লান কাশ্যপ সাহা আৰু ৰোহিণী কৌড়িন্যক যুটীয়াভাৱে আলোচনী সম্পাদক হিচাপে নিৰ্বাচিত কৰি সমিতিখন কৰা হয়।বিহালী প্ৰেছ ক্লাৱৰ ৰাজহুৱা সভাখন ২১ জানুৱাৰীত নচবৰৰ বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.