বিহাৰত সাংবাদিক হত্যা, পিইচিৰ নিন্দা

বিশ্বত এতিয়ালৈকে ৫৯ সাংবাদিকৰ প্ৰাণ বিসৰ্জন

0 26

জেনেভা, ২৫ মে’: বিহাৰত শুকুৰবাৰে নিশা চাৰিজন বন্দুকধাৰীয়ে ডেকা সাংবাদিক সুভাষ কুমাৰ মাহাতোক গুলিয়াই হত্যা কৰা ঘটনাক নিন্দা কৰিছে আন্তৰ্জাতিক সংবাদকৰ্মী সুৰক্ষা সংস্থা প্ৰেছ এম্বলেম কেম্পেইনে (www.pressemblem.ch)। পিইচিৰ সভাপতি ব্লেইজ লেম্পেনে সুভাষৰ হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ নীতিশ কুমাৰ চৰকাৰক দাবী জনাইছে।
বহু কেইখন হিন্দী কাকতত কাম কৰা সুভাষে শেহতীয়াকৈ এটা কেবল-চেনেলৰ লগত জড়িত হৈ আছিল। বেগুচৰাই অঞ্চলৰ বাসিন্দা সুভাষে ২০ মে’ৰ সন্ধিয়া ঘৰলৈ উভতি অহাৰ সময়তে এই আক্ৰমণৰ মুখামুখি হয়। সুভাষৰ পৰিয়ালে ইতিমধ্যে চাৰিজন হত্যাকাৰীৰ নাম ‘এফআইআৰ’ত  উল্লেখ কৰিছে। পৰিয়ালে সন্দেহ কৰা মতে  ভূমি,বালি আৰু মদৰ ব্যৱসায়ৰ বিৰুদ্ধে বাতৰি প্ৰচাৰৰ বাবেই সুভাষক হত্যা কৰা হ’ল।
পিইচিৰ দক্ষিণ পূব এচিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই জনোৱা মতে ভাৰতত এই বছৰ এতিয়ালৈ  চাৰিগৰাকী সাংবাদিক হত্যাৰ বলি হৈছে।  সুভাষৰ আগত ৰহিত বিশ্বাল, সুধিৰ চাইনি আৰু জুনেদ খান আততায়ীৰ হাতত নিহত হৈছিল । সুভাষকে ধৰি বৰ্তমানলৈকে সমগ্ৰ পৃথিৱীত এই বছৰত ৫৯ গৰাকী সাংবাদিকে নিজৰ জীৱন বিসৰ্জন দিব লগা হ’ল। শেহতীয়াকৈ ইউক্ৰেইন আৰু মেক্সিকোত বহু কেইজন সাংবাদিক হিংসাৰ বলি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.